1. News

সেউজ নয়ন কৃষক উৎপাদক কোম্পানী পৰিদৰ্শন অসম বিধানসভাৰ এষ্টিমেটছ কমিটীৰ বিধায়ক দলৰ

KJ Staff
KJ Staff
Assam Assembly's Elite Committee inspects Seuj Nayan Farmer Producer Company
Assam Assembly's Elite Committee inspects Seuj Nayan Farmer Producer Company

অসম বিধানসভাৰ “Estimates committee” ৰ বিধায়কৰ এটি দলে শোণিতপুৰ জিলাৰ বৰচলা চিতলমাৰীস্থিত সেউজ নয়ন কৃষক উৎপাদক কোম্পানী (FPC) ৰ সামগ্ৰিক কাৰ্যকলাপ পৰিদৰ্শন কৰে। বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত দলটোৱে শোণিতপুৰ জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ অধীনত থকা সেউজ নয়ন কৃষক উৎপাদক কোম্পানীটোৱে মুখ্যমন্ত্রীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত লাভ কৰা ট্ৰেক্টৰ আৰু আনুষংগিক কৃষি যন্ত্ৰপাতি যেনে- VLFMB আৰু APART ইত্যাদি আচঁনিৰ অধীনত লাভ কৰা বিভিন্ন কৃষি যন্ত্ৰপাতিৰ বুজ লয়।

লয়। ইয়াৰ লগতে FPC টোৰ মাকৈ খেতি আৰু বিভিন্ন কৃষি কাৰ্যৰ সামগ্ৰিক দিশো তেওঁলোকে পৰ্যবেক্ষণ কৰে। মাকৈ বা গোমধান খেতিৰ জৰিয়তে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা FPC টোৱে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্রান্তলৈ তেওঁলোকৰ উৎপাদিত মাকৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। এই সামগ্ৰিক দিশটো পৰ্যবেক্ষণ কৰাৰ লগতে বিধায়কৰ দলটোৱে পৰিদৰ্শনকালত শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াৰ আৰু সেউজ নয়ন কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া, অঞ্চলটোৰ কৃষকসকল তথা জিলা কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়া সকলৰ সৈতে মত বিনিময় কৰে।

উল্লেখযোগ্য যে চলিত বর্ষত FPC টোৱে ২,০৯০ বিঘা মাটিত মাকৈ খেতি কৰি ১ কোটি ৬৭ লাখ ২০ হাজাৰ টকা লাভ অর্জন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে FPC টোৱে ১০০ বিঘা মাটিত আলু খেতিৰ জৰিয়তে ৩ লাখ ৬০ হাজাৰ টকা,  ১৫০০ বিঘা মাটিত শালি ধানৰ খেতিৰ জৰিয়তে ৪৮ লাখ টকা, ৩০০ বিঘা মাটিত ৰঙালাও খেতিৰ জৰিয়তে ৩৭ লাখ ৫০ হাজাৰ টকাৰ লাভ অর্জন কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি FPC টোৱে ৫৩ বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে। পৰিদৰ্শনকাৰী দলটোৱে মাকৈ খেতিৰ জৰিয়তে সেউজ বিপ্লৱ গঢ়িবলৈ সক্ষম হোৱা FPC টোক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে দুগুণ উৎসাহেৰে কৃষিকাৰ্যত নিয়োজিত হ’বলৈ কৃষকসকলক উৎসাহিত কৰে। প্ৰতিনিধি দলটোত আছিল বিধায়ক জাকিৰ হুছেইন শিকদাৰ, মৃণাল শইকীয়া, আমিনুল ইছলাম, দিগন্ত বৰ্মন, মতিউৰ ৰহমান, ৰুপক শৰ্মা ইত্যাদি। পৰিদৰ্শনকালত অসম বিধানসভাৰ “Estimates committee” এই দলটোক সংগ দিয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণৰ, জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকল, বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে কৃষি কাৰ্যবাহী অভিযন্তা প্ৰসন্নজিৎ শইকীয়া আৰু অন্যান্য বিষয়াবর্গই।

লগতে পঢ়কঃ বিশ্বৰ আটাতকৈ দামী চাউলঃ এক কিলোৰ দাম ১২-১৫ হাজাৰ টকা

English Summary: Assam Assembly's Elite Committee inspects Seuj Nayan Farmer Producer Company

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.