1. News

২০২৫-২৬ ৰ ভিতৰত ৰাজ্যৰ ২ লাখ হেক্টৰ কৃষিভূমিত কৰিব তৈল খেজুৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Palm oil farming start by Atul bora in Lakhimpur
Palm oil farming start by Atul bora in Lakhimpur

খোৱা তেল উৎপাদনত স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে দেওবাৰে অসমত তৈল খেজুৰ গছৰ পুলি ৰোপণৰ আৰম্ভ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। লখিমপুৰ জিলাৰ বোকানলা গাঁৱত অসমৰ প্ৰথমটো তৈল খেজুৰৰ পুলি আনুষ্ঠানিকভাৱে দেওবাৰে ৰোপণ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে।

অসমৰ ১৮খন জিলা কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন- তৈল খেজুৰ" (NMEO-OP)ৰ অধীনত তৈল খেজুৰৰ খেতিৰ বাবে নিৰ্বাচিত কৰা হৈছে। আঁচনিখনৰ অধীনত  ২০২৫-২৬ বৰ্ষৰ ভিতৰত ৰাজ্যখনৰ ২ লাখ হেক্টৰ কৃষিভূমি সামৰি লোৱাৰ পৰিকল্পনা লৈছে ৰাজ্যৰ কৃষি বিভাগে।

লগতে পঢ়ক- 

প্লাষ্টিককলৈ বিশ্ব পৰিৱেশৰ দিনা কি ক'লে অৰণ্য মানৱ যাদৱ পায়েঙে!

লখিমপুৰত তৈল খেজুৰ পুলি ৰুই কৃষিমন্ত্ৰীগৰাকীয়ে কয়- ‘এই বিশেষ দিনটোত লখিমপুৰ জিলাৰ লগতে অসমৰ বাকী ১৭ খন জিলাৰ তৈল খেজুৰৰ খেতিৰ সৈতে জড়িত কৃষক বন্ধুসকলক এই খেতিত আত্মনিয়োগ কৰিবলৈ আন্তৰিক আহ্বান জনাইছোঁ।  আমাৰ কৃষকসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ নিশ্চিতি প্ৰদান কৰাৰ লগতে খোৱা তেল উৎপাদনত অসমক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যত উপনীত হোৱাত এই আঁচনিখনে এক সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব বুলি আমি দৃঢ়বিশ্বাসী।’

অনুষ্ঠানটোত কৃষিমন্ত্ৰী সৈতে কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, কৃষি বিভাগৰ যুটীয়া সচিব গুণজিত কাশ্যপ, ৩-এফ অইল পাম প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় গোৱেংকা প্ৰমুখ্যে তৈল খেজুৰৰ খেতি আৰম্ভ কৰা কেইবাখনো জিলাৰ জিলা কৃষি বিষয়া আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক ৰাইজ উপস্থিত থাকে।

লগতে পঢ়ক- 

মৰিগাঁৱত ‘স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে মিলেট’ শীৰ্ষক সজাগতা সভা

English Summary: Palm oil farming start by Atul bora in Lakhimpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.