Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 March, 2023 12:18 PM IST
Modi Free Recharge yojana

আপোনাৰ যদি এটা স্মাৰ্টফোন আছে, তেনেহ’লে কালিৰে  পৰা আপোনালৈ এটা মেচেজ আহিছে। মেছেজটো আহিছে আপোনাৰ কোনোবা চিনাকী এজনৰ পৰাই। বহুদিন আপোনাৰ খবৰ নোলোৱাজনেও আপোনালৈ প্ৰেৰণ কৰিছে  এই  মেচজটো। কাৰণ আপোনাৰ চিনাকীজনে আপোনালৈ এই মেচেজটো প্ৰেৰণ কৰাৰ অন্তৰালত লাভৰ অংক সোমাই আছে! কিন্তু লাভ কাৰো নহয়। হ’ব  কোনোবা বহুজাতিক কোনো কোম্পানীৰ, আপোনাৰ ফোন নাম্বাৰটোত ৰেজিটেশ্যন হোৱাৰ লগে লগেই আপুনি নজনাকৈ তেওঁলোকৰ সদস্যৰ হৈ পৰিছে, আৰু আপুনি নজনাকৈ তেওঁলোকক আপুনি প্ৰমোচন কৰি আছে। তদুপৰি ১০০ শতাংশৰ ২০ শতাংশই আপোনাৰ লোকচানৰ সন্মুখীন হোৱা অধিক। কাৰণ আজিকালি আপোনাৰ ফোন নাম্বাৰটোতেই বেংকৰ সকলো তথ্য থাকে। কোনোবা প্ৰকাৰে আপোনাৰ মবাইল নাম্বাৰটো হেক কৰিব পাৰিলে আপুনি আপোনাৰ বেংক বেলেন্স উদং হোৱাৰ লগতে আপুনি জে’লৰ  ভাত খাবও লগা হ’ব পাৰে।

মেচেজটো এনেধৰণৰ- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনিৰ অধীনত সকলো ভাৰতীয় ব্যৱহাৰকাৰীক ₹239 বিনামূলীয়াকৈ ৰিচাৰ্জ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ২৮ দিনৰ বাবে,  গতিকে এতিয়া তলৰ নীলা ৰঙৰ লিংকটোত ক্লিক কৰি আপোনাৰ নম্বৰটো ৰিচাৰ্জ কৰক। মই মোৰ ২৮ দিনৰ বিনামূলীয়া ৰিচাৰ্জো ইয়াৰ সৈতে কৰিছো, তলত দিয়া লিংকটোত ক্লিক কৰিও ২৮ দিনৰ বিনামূলীয়া ৰিচাৰ্জ লাভ কৰিব পাৰিব।

লগতে পঢ়ক- 

২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল

তেওঁলোকে দিয়া লিংকটো আপুনি ক্লিক কৰাৰ পাছতে আপোনাৰ ফোন নাম্বাৰটো ৰেজিটেশ্যন কৰিব লাগে। তাৰপাছতে আপুনি ১০ টা গ্ৰুপ আৰু ১০ জন লোকলৈ এই মেচেজটো শ্বেয়াৰ কৰিলেই আপোনাক আপোনাৰ মবাইলত ৰিচাৰ্জ হৈ যাব বুলি কয়। তাৰপাছতে আপুনি গ্ৰুপ আৰু আপোনাৰ কনটেক লিষ্টত থকা মানুহবোৰলৈ শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে কিন্তু ৰিচাৰ্জটোহে আপোনাৰ নহ’ল।  আৰু আপুনি লিংকটো ক্লিক কৰাৰ পাছতে দেখিব কিছুমান কমেন্ট। যিবোৰত লিখা থাকে- মই পালো, ধন্যবাদ মোডীজী, মোৰ ৰিচাৰ্জ হৈ গ’ল আদি। এইবোৰ কোনো ব্যক্তিয়ে দিয়া নহয়। এই এই এপচটোৰ কিছুমান অংগহে এইবোৰ দেখি আপুনি, তেওঁলোকে পাইছে মই পাম বুলি ভাবিব পাৰে। কিন্তু সেইবোৰ সকলো মিছা। এইবোৰ আপোনাক চলনা কৰা কৌশল।

কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনিৰ অধিনতে নহয় বিভিন্ন সময়ত আপোনাৰ মবাইললৈ এনে মেজেজ আহে যেনে- ৰিলায়েঞ্চে ৫০ বছৰ অতিক্ৰম কৰাৰ বাবে আপোনালৈ এই উপহাৰ, এয়াৰটেলে নতুন বছৰৰ উপলক্ষ্য দিছে এই উপহাৰ ইত্যাদি ধৰণৰ। কিন্তু সকলো বৰশীৰ টোপ। কেতিয়াবা আপুনি এনে অকণমান লাভৰ কথা ভাৱি কোনোবাই আপোনাৰ মবাইলৰ OTP টো খোজক আৰু আপুনি দি দিয়ক তাৰপাছতে থানালৈ অহা-যোৱা কৰি পুলিচক চাহৰ খৰচ দি থাকি হেকাৰে লুটি নিয়া পইচাখিনি উদ্ধাৰ কৰিবলৈ তাঁত-বাতি কৰি থাকক।

লগতে পঢ়ক- 

 ৪-৫ মাহতে ১ কেজি ওজনৰ হয় ৰূপচন্দ্ৰা মাছ

English Summary: Impact Modi Free Recharge yojana
Published on: 26 March 2023, 12:18 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now