
আপোনাৰ যদি এটা স্মাৰ্টফোন আছে, তেনেহ’লে কালিৰে পৰা আপোনালৈ এটা মেচেজ আহিছে। মেছেজটো আহিছে আপোনাৰ কোনোবা চিনাকী এজনৰ পৰাই। বহুদিন আপোনাৰ খবৰ নোলোৱাজনেও আপোনালৈ প্ৰেৰণ কৰিছে এই মেচজটো। কাৰণ আপোনাৰ চিনাকীজনে আপোনালৈ এই মেচেজটো প্ৰেৰণ কৰাৰ অন্তৰালত লাভৰ অংক সোমাই আছে! কিন্তু লাভ কাৰো নহয়। হ’ব কোনোবা বহুজাতিক কোনো কোম্পানীৰ, আপোনাৰ ফোন নাম্বাৰটোত ৰেজিটেশ্যন হোৱাৰ লগে লগেই আপুনি নজনাকৈ তেওঁলোকৰ সদস্যৰ হৈ পৰিছে, আৰু আপুনি নজনাকৈ তেওঁলোকক আপুনি প্ৰমোচন কৰি আছে। তদুপৰি ১০০ শতাংশৰ ২০ শতাংশই আপোনাৰ লোকচানৰ সন্মুখীন হোৱা অধিক। কাৰণ আজিকালি আপোনাৰ ফোন নাম্বাৰটোতেই বেংকৰ সকলো তথ্য থাকে। কোনোবা প্ৰকাৰে আপোনাৰ মবাইল নাম্বাৰটো হেক কৰিব পাৰিলে আপুনি আপোনাৰ বেংক বেলেন্স উদং হোৱাৰ লগতে আপুনি জে’লৰ ভাত খাবও লগা হ’ব পাৰে।
মেচেজটো এনেধৰণৰ- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনিৰ অধীনত সকলো ভাৰতীয় ব্যৱহাৰকাৰীক ₹239 বিনামূলীয়াকৈ ৰিচাৰ্জ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ২৮ দিনৰ বাবে, গতিকে এতিয়া তলৰ নীলা ৰঙৰ লিংকটোত ক্লিক কৰি আপোনাৰ নম্বৰটো ৰিচাৰ্জ কৰক। মই মোৰ ২৮ দিনৰ বিনামূলীয়া ৰিচাৰ্জো ইয়াৰ সৈতে কৰিছো, তলত দিয়া লিংকটোত ক্লিক কৰিও ২৮ দিনৰ বিনামূলীয়া ৰিচাৰ্জ লাভ কৰিব পাৰিব।
লগতে পঢ়ক-
২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল
তেওঁলোকে দিয়া লিংকটো আপুনি ক্লিক কৰাৰ পাছতে আপোনাৰ ফোন নাম্বাৰটো ৰেজিটেশ্যন কৰিব লাগে। তাৰপাছতে আপুনি ১০ টা গ্ৰুপ আৰু ১০ জন লোকলৈ এই মেচেজটো শ্বেয়াৰ কৰিলেই আপোনাক আপোনাৰ মবাইলত ৰিচাৰ্জ হৈ যাব বুলি কয়। তাৰপাছতে আপুনি গ্ৰুপ আৰু আপোনাৰ কনটেক লিষ্টত থকা মানুহবোৰলৈ শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে কিন্তু ৰিচাৰ্জটোহে আপোনাৰ নহ’ল। আৰু আপুনি লিংকটো ক্লিক কৰাৰ পাছতে দেখিব কিছুমান কমেন্ট। যিবোৰত লিখা থাকে- মই পালো, ধন্যবাদ মোডীজী, মোৰ ৰিচাৰ্জ হৈ গ’ল আদি। এইবোৰ কোনো ব্যক্তিয়ে দিয়া নহয়। এই এই এপচটোৰ কিছুমান অংগহে এইবোৰ দেখি আপুনি, তেওঁলোকে পাইছে মই পাম বুলি ভাবিব পাৰে। কিন্তু সেইবোৰ সকলো মিছা। এইবোৰ আপোনাক চলনা কৰা কৌশল।
কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনিৰ অধিনতে নহয় বিভিন্ন সময়ত আপোনাৰ মবাইললৈ এনে মেজেজ আহে যেনে- ৰিলায়েঞ্চে ৫০ বছৰ অতিক্ৰম কৰাৰ বাবে আপোনালৈ এই উপহাৰ, এয়াৰটেলে নতুন বছৰৰ উপলক্ষ্য দিছে এই উপহাৰ ইত্যাদি ধৰণৰ। কিন্তু সকলো বৰশীৰ টোপ। কেতিয়াবা আপুনি এনে অকণমান লাভৰ কথা ভাৱি কোনোবাই আপোনাৰ মবাইলৰ OTP টো খোজক আৰু আপুনি দি দিয়ক তাৰপাছতে থানালৈ অহা-যোৱা কৰি পুলিচক চাহৰ খৰচ দি থাকি হেকাৰে লুটি নিয়া পইচাখিনি উদ্ধাৰ কৰিবলৈ তাঁত-বাতি কৰি থাকক।
লগতে পঢ়ক-
Share your comments