
শুক্ৰবাৰে কৃষি জাগৰণ চৌপালত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেশ্যন সভাপতি (IFAJ) লেনা জনছন। নতুন দিল্লীৰ কৃষি জাগৰণৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক গৰাকীয়ে। অনুষ্ঠানটোত জনছনক সংগ দিয়ে যোগাযোগ বিশেষজ্ঞ এলিডা থিয়েৰী আৰু লিণ্ডি বোথা। আজি পুৱা 9.30 বজাত অনুষ্ঠিত হোৱা অনুস্থানটোত বিশ্বব্যাপী কৃষি ৰক্ষাৰ বিষয় সম্পৰ্কত মত ব্যক্ত কৰে তেওঁলোকে।
কিছুদিন পূৰ্বে কৃষি জাগৰণৰ মুখ্য সম্পাদক এম চি ডমিনিকৰ উদ্যোগত গঠন কৰা হৈছিল Agriculture Journalist Association of India চমুকৈ AJAI। উক্ত AJAI গঠনৰ সময়ত ভাৰ্চুৱেলী উপস্থিত আছিল IFAJৰ সভাপতি লেনা জনছন। লেনা জনছনৰ লগতে লিণ্ডি বোথা আৰু আলিদা থিয়েৰীক কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক এম চি ডমিনিক আৰু তেওঁৰ গোটেই দলটোৱে ভাৰতীয় পৰম্পৰাৰে আদৰণি জনায়।
অনুষ্ঠানত লেনা জনছনে তেওঁৰ ভাৰত ভ্ৰমণৰ অভিজ্ঞতা আৰু কৃষি জাগৰণৰ দলৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁৰ চিন্তা শ্বেয়াৰ কৰিছিল। তেওঁ আইএফএজেৰ কৃষি জাগৰণ সদস্যপদ পোৱাৰ কথাও উল্লেখ কৰে।

একে সময়তে, তেওঁ কৃষি জাগৰণক ভৱিষ্যতে সফলতাৰ শিখৰত উপনীত হোৱাৰ বাবে শুভকামনা জনায়। কৃষি জাগৰণৰ সাংবাদিক সকলক আন্তঃৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেশ্যন IFAJত সংযুক্ত হবলৈ আহ্বান জনায় লেনা জনছনে।
উল্লেখ্য যে এই অনুষ্ঠানটোত মুখ্য সম্পাদক এম চি ডমিনিকৰ লগতে উপস্হিত আছিল কৃষি জাগৰণৰ ডাইৰেক্টৰ ছাইনি ডমিনিক, অপাৰেটিং অফিটাৰ ড০ পি কে পাণ্ট, কণ্টেন্ট হেড সঞ্জয় কুমাৰ, কনটেণ্ট প্ৰবন্ধক পংকজ খান্না, ছ'চিয়েল মিডিয়াৰ জিএম নিশান্ত তাক আৰু কৃষি জাগৰণৰ সকলো কৰ্মচাৰী।
লগতে পঢ়ক-লাখ লাখ কৃষকে সামূহিকভাৱে সংগঠিত দুগ্ধ খণ্ডত বিপ্লৱ আনিছে: এনডিডিবিৰ অধ্যক্ষ
Share your comments