1. News

‘’ভাৰতীয় দুগ্ধ উদ্যোগে বিশ্ব দখল কৰা দিশত অগ্ৰসৰ হৈছে’’- কে জে চৌপালত চেবাষ্টিয়ান ডেটছ

KJ Staff
KJ Staff
Sabastian Dates along with Rafael Cornes visit to Krishi jagaran
Sabastian Dates along with Rafael Cornes visit to Krishi jagaran

ভাৰতৰ দুগ্ধ উদ্যোগ বিশ্বব্যাপী গতি কৰি ভাৰতৰ কৃষি উদ্যোগক যথেষ্ট শক্তি প্ৰদান কৰিছে, যিয়ে কৃষি শক্তিশালীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কয় আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচনৰ (আমেৰিকা) যোগাযোগ ব্যৱস্থাপক ছেবাষ্টিয়ান ডেটে।

নতুন দিল্লীস্থিত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ কাৰ্যালয়ৰ চৌপালৰ কৃষি সাংবাদিকসকলৰে মত-বিনময় অনুষ্ঠানত উপস্থিত চেবেষ্টিয়ান ডেটে কয়- ভাৰতৰ সংস্কৃতি আটাইতকৈ আনন্দদায়ক। লগতে তেওঁ কয়- ভাৰতৰ দুগ্ধ উদ্যোগে গাঁৱৰ পৰা বিশ্বলৈ গতি কৰিছে আৰু সমান্তৰালভাৱে পশুধন উদ্যোগটোলৈ প্ৰযুক্তি আহিছে। ই শুভলক্ষণ।

          ভাষণতে তেওঁ ভাৰত এখন কৃষিৰ প্ৰধান দেশ। এই পৰিৱেশে পশুপালনৰ বাবে অতি সহায় কৰে। এই সকলোবোৰ সুবিধা লৈ দুগ্ধ পালকসকলে সপোন পূৰণ কৰিব পাৰিব বুলি তেওঁ কয়।

ভাৰতলৈ আহি তেওঁ পোৱা মৰম চেনেহৰ কথা উল্লেখ কৰি কয় আমি যেতিয়া ভাৰতলৈ আহিছিলো তেতিয়া ইয়াৰ মানুহে আমাক অতি মৰমেৰে আদৰি লৈছিল। তেওঁ কয় যে ইয়াত সংস্কৃতি আৰু ৰীতি-নীতি বেলেগ বেলেগ আৰু মই সুখী। অনুষ্ঠানতে পেন আমেৰিকান ডেইৰী ফেডাৰেচন, উৰুগুৱেৰ বাসিন্দা মাষ্টাৰ নিউট্ৰিচনিষ্টে কয় যে ভাৰত বিশ্ব কৃষি আৰু দুগ্ধ উদ্যোগৰ ক্ষেত্ৰত আগৰণুৱা।

অনুষ্ঠানত কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক তথা প্ৰধান সম্পাদক এম.চি. ডমিনিক, সঞ্চালক শ্বাইনী ডমিনিক, কৰ্প’ৰেট এফেয়াৰ্ছৰ উপ-সভাপতি পি.এছ.চাইনী, চিঅ’অ’ পি.কে.পাণ্ট আৰু কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

লগতে পঢ়ক- কে জে চোপালত উপস্হিত IFAJ সভাপতি) লেনা জনছন

English Summary: Sabastian Dates along with Rafael Cornes visit to Krishi jagaran

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.