1. News

জোনাইত ভদীয়া বানৰ কালৰূপ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
জোনাইৰ ৮ খন গাঁওত  দেপী নদীৰ তাণ্ডৱ
জোনাইৰ ৮ খন গাঁওত দেপী নদীৰ তাণ্ডৱ

ভদীয়া বানৰ কবলত জোনাই কেবাখনো গাওঁ। জোনাইৰ দেপী নদীৰ সংহাৰী বানে খন্তকতে বুৰাই পেলালে ঘৰ বাৰী, শ শ বিঘা কৃষি। ভূমি, উটুৱাই নিলে পোহনীয়া জীৱ-জন্তু ৷ বৃহস্পতিবাৰে নিশাৰে পৰা ধাৰাসাৰে অঞ্চলটোত দি আছিল বৰষুণ। ফলত ফলত পাহাৰৰ পৰা বৈ অহা দেপী নদীয়ে জোনাই মহকুমাৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় আঠখনৰো অধিক গাঁও বুৰাই পেলাইছে ৷

বানে তচ-নচ কৰিলে বহু পৰিয়ালৰ ঘৰ বাৰী, পোহনীয়া জীৱ-জন্তুৰ লগতে শ শ বিঘা কৃষি ভূমি ৷ বানৰ ফলত খাদ্য সংকটত ভুগিছে বহু পশুধন ৷ ঘৰৰ চোতালতে এবুকু পানী হৈছে অঞ্চলটোত। চোতলালতে নদীৰ দৰে সোঁত দেখিবলৈ পোৱা গৈছে। মৰণক শৰণ দি নিৰাপদ স্থানলৈ পশুধনসমূহ নিয়াৰ প্ৰস্তুতি চলাইছে বানাক্ৰান্ত ৰাইজে।

ইফালে অঞ্চলটোৰ কৃষক ৰাইজৰ শ শ বিঘা কৃষিভূমি এতিয়া দেপী নৈৰ বানৰ কৱলত। খৰাঙৰ মাজতো গাঁথিৰ ধন ভাঙি জলসিঞ্চন ব্যৱস্থা কৰি অঞ্চলটোৰ কৃষকসকলে কৰিছিল খেতি। বছৰটোৰ ভাতমুঠিৰ লুকাই আছিল সেই শ্ৰমখিনিৰ মাজতেই। কিন্তু ভদীয়া বানে পানী কৰিলে কৃষকৰ সকলো পৰিশ্ৰম।

ইফালে বানে অঞ্চলটোত ভয়ংকৰ ৰূপ লৈছে যদিও বৰ্তমানেও ঘটনাস্থলীত উপস্থিত হোৱাগৈ নাই ৰাজ্যৰ দুৰ্যোগ প্ৰশমণ বিভাগৰ লোক। ইফালে শিশু-মহিলা, বৃদ্ধকে ধৰি শ শ লোক বৰ্তমানেও বিপদসংকুলভাৱে গৃহবন্দী হৈ আছে।

লগতে পঢ়ক- জোনাইত পোক আক্ৰান্ত পথাৰত গৰু মেলি দিলে কৃষকে

English Summary: Flood in Jonai

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.