1. News

বান্দৰৰ পৰা একো কৰিব নোৱৰা অঞ্চলতো কৰিব পাৰিব ৪ বিধ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
How to protect farmers from monkeys
How to protect farmers from monkeys

অসমত বান্দৰ আৰু উদঙীয়া গৰুৰ বাবে বহু সময়ত কৃষকসকলে খেতি কৰিবলৈ ভয় কৰে। কাৰণ খেতি কৰিলে কি হ’ব  সৱ এদিনতে  শেষ কৰিব। এনেকুৱা এটা ভয় লৈ বহু কৃষক মাটিবোৰ পেলাই ৰাখে। কৃষসকলৰ এই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বান্দৰে অপকাৰ কৰিব নোৱৰা কেইবিধমান শস্যৰ খেতিৰ বিষয়ে লিখা কেইবাটাও প্ৰৱন্ধৰ সংকলন কৰি এই লেখাটো যুগুত কৰিছো। উল্লিখিত এই ফল-মূল, শাক-পাচলিসমূহৰ খেতি কৰি কৃষকসকল যথেষ্ট সকাহ লাভান্বিত হ’ব। উল্লিখিত এই খেতিসমূহৰ এটা সীমাৱদ্ধতা আছে। সেইটো হ’ল- এই খেতি পানী জমা নোহোৱা আৰু ওখ বাম মাটিত এই খেতিসমূহ হয়।

১ কেজিৰ দাম ৩০০ পৰা ৪০০ টকা। পুলি ৰোৱা ৮ মাহৰ পাছতে পাব ফল (সবিশেষ জানিবলৈ ক্লিক কৰক)

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ উঠা এবিধ নতুন আৰু লাভদায়ক খেতি হ’ল ড্ৰেগন খেতি। ড্ৰেগন হৈছে এবিধ ফল। ই মূলতঃ আমেৰিকান ফল। যদিও সম্প্ৰতি ভাৰততো এই ফলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। অসমৰো বিভিন্নপ্ৰান্তত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে আমাৰ কৃষকসকলে। জানিব পৰা মতে, অসমৰ মাটিত হোৱা ড্ৰেগন ফল বেচ সুস্বাদু । বৰ্তমান এক কেজি ড্ৰেগন ফলৰ দাম ৩০০ পৰা ৪০০ টকাৰ ভিতৰত। ড্ৰেগন ফল ৰোপন কৰা ৮-মাহৰ ন মাহৰ ভিতৰত ফল লাগিবলৈ ধৰে।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এবাৰ ৰোৱাৰ পাছত ৪০ বছৰলৈকে ড্ৰেগন জোপাই ফল দি থাকে। অৱশ্যে মাজে সাৰ-পানী যোগাই আহিব লাগিব। এই খেতি কৰি অসমৰ বহুকেইজন কৃষকে ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে।

Kaji Nemu : কাজি নেমু আৰু ইয়াৰ কৃষি পদ্ধতি (সবিশেষ জানিবলৈ ক্লিক কৰক)

পানী জমা নোহোৱা পলসুৱা মাটিত কাজিনেমুৰ খেতি ভাল হয়। সেমেকা জলবায়ু কাজিনেমুৰ বাবে উত্তম। কাজি নেমুৰ খেতি ঘাইকৈ কলম পদ্ধতিৰে কৰা হয় যদিও গুটিৰ পৰায়ো পুলি উৎপন্ন হয়। কিন্তু নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল। উপযুক্ত বয়সত এজোপা নেমু গছে ৩০০ৰ পৰা ৫০০ ফল লাগে। এটা ফলৰ ভৰ প্ৰায় ৬০-১০০ গ্ৰাম আৰু প্ৰতি হেক্টৰ মাটিত বছৰি ২০ৰ পৰা ৩০ টন উৎপাদন হয়।

আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ (সবিশেষ জানিবলৈ ক্লিক কৰক)

ৰাণী আনাৰসক পৃথিৱীৰ আটাইতকৈ মিঠা আনাৰস বুলি জনা যায়। ফলটোৰ এক সুগন্ধি মিঠা সোৱাদ থাকে আৰু ই আন আনাৰসৰ প্ৰকাৰতকৈ তুলনামূলকভাৱে সৰু। ইয়াৰ ওজন কেৱল ৪৫০ গ্ৰামৰ পৰা ৯৫০ গ্ৰাম হয়। ২০১৫ চনত ৰাণী আনাৰসে জিআই টেগ লাভ কৰিছিল। তদুপৰি ইয়াক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপেও ঘোষণা কৰা হৈছে। উল্লেখ্য যে, ত্ৰিপুৰা হৈছে দেশৰ অন্যতম বৃহৎ আনাৰস খেতি কৰা ৰাজ্য।

Patchouli farming : মাহে মাহে হাতলৈ আহিব ২০ ৰ পৰা ৩০ হাজাৰ টকা (সবিশেষ জানিবলৈ ক্লিক কৰক)

পাচাউলি গছৰ পাতৰ পৰা এবিধ সুগন্ধি তেল নিষ্কাষণ কৰিব পৰা যায়; যিবোৰৰ চাহিদা বর্তমান দেশৰ তথা বিদেশৰ বজাৰত যথেষ্ট বেছি। এইবিধ গছৰ খেতি অতি সহজে পানী জমা নোহোৱা ওখ মাটিত কৰি ঘৰতে ক্ষুদ্র উদ্যোগ ভিত্তিত তেল নিষ্কাষণ কৰিব পাৰি। পাচাউলি গছৰ পাতবোৰ সুগন্ধযুক্ত বাবে গৰু-ছাগলি, বান্দৰ আদিয়ে আক্রমণ নকৰে। তদুপৰি তুলনামূলকভাবে এইবিধ খেতিৰ বেমাৰ-আজাৰ তথা অনিষ্টকাৰী পোক-পৰুৱাৰ যথেষ্ট কম।

English Summary: How to protect farmers from monkeys

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.