1. News

শপত গ্ৰহণ পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থাৰ নৱ নির্বাচিত বিষয়ববীয়াৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিলে অসম পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থাৰ নৱ-নির্বাচিত বিষয়ববীয়াসকলে। অসম পশুপালন আৰু পশুচিকিৎসা বিভাগ, চেনীকুঠি চৌহদৰ তথ্য আৰু প্রদর্শনী শাখাৰ সভাগৃহত অনুষ্ঠিত ২০২৩-২৪ বৰ্ষৰ বাবে নিৰ্বাচিত অসম পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়াসকলে।

সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ডাঃ ভূবন চন্দ্র শর্মাই আৰু  সাধাৰণ সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ডাঃ কংকন কলিতাই। সভাপতি, সম্পাদক প্ৰমুখ্যে যুটীয়া সম্পাদকৰ লগতে প্রত্যেক জিলাৰ পৰা নির্বাচিত কার্য্যনিবাহক সদস্যসকলক শপত বাক্য পাঠ কৰায় সেৱা সন্থাৰ পুৰ্ৱবৰ্তী সভাপতি ডাঃ দন্দেশ্বৰ ডেকাই।

লগতে পঢ়ক-

মানুহৰ মৃতদেহক জৈৱিক সাৰলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক অনুমোদন

Animal Husbandry and Veterinary Services Association New Committee
Animal Husbandry and Veterinary Services Association New Committee

সভাত সাধাৰণ সম্পাদক ডাঃ কংকন কলিতাই সেৱা সন্থাৰ ভবিষ্যত কার্য্যপ্রণালীৰ সন্দর্ভত তেওঁ আলোকপাত কৰে আৰু সদস্যসকলৰ পৰা সকলো ক্ষেত্রতে সহযোগিতা কামনা কৰে।

সেৱা সন্থাৰ কেইবাজনে অনাগত বর্ষত অসম পশুপালন আৰু পশুচিকিৎসা ক্ষেত্রখনৰ উন্নতিৰ বাবে বিভিন্ন দিহা পৰামর্শ আগবঢ়ায়। সভাত উপস্থিত থকা সকলো সদস্যই নৱ নির্বাচিত বিষয়ববীয়া সকলক অভিনন্দন জনায়।

লগতে পঢ়ক- 

মাষ্টাৰ চেফ ইণ্ডিয়াত উজ্বলিছে চাহ বাগিচাত কাম কৰা নয়নজ্যোতি শইকীয়া

English Summary: Animal Husbandry and Veterinary Services Association New Committee

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.