চহৰত বাস কৰাসকলে গাঁৱৰ দৰে বাৰীত শাক পাচলী খেতি নকৰে। খেতি কৰা মাটি ঠেক বহল বুলিও কথা নাই। ক’বলৈ গ’লে যিজনে নিজ হাতেৰে পুলি ৰুই তাৰ ফল-ফুল দেখি আনন্দ উপভোগ কৰে; তেনে চখ থকাসকলে চহৰত বাস কৰিলেও ঠেক ঠাইত, ছাদৰ ওপৰত খেতি হ’লেও কিবা এটা কৰে। এনে চখ থকা ব্যক্তিসকলে ব্যস্ততাৰ মাজতো সময়ৰ ফাঁকে ছেগ বুজি শাক পাচলি, ফুলৰ পুলি, ফুলৰ ডাল আনৰ ঘৰৰ পৰা বিচাৰি আনি হ’লেও ৰোপন কৰে। ফুলৰ ক্ষেত্ৰত মহিলা সকলে বেচিকৈ আগ ভাগ লয়।
মই চখ আনন্দ তৃপ্তি আৰু সুস্বাস্থ্যৰ বাবে প্ৰতি বছৰে দুয়োটা বতৰতে দুই চাৰি জোপা শাক পাচলি খেতি কৰা লগতে ভাল ফুল কেইজোপা মানো ৰোপন কৰো। কিন্তু পচন সাৰ আৰু গোৱৰৰ বাহিৰে কেতিয়াও ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰো। মোৰ ঘৰত বাৰী বুলিবলৈ বিশেষ ঠাই নাই বাবে ঘৰৰ চাৰিও ফালে এইবোৰ কৰো আৰু ফুল গছৰ মাজে মাজেও এইবোৰ খেতি কৰো। ফুলনীত ধুনীয়া, পালেং, মানধনীয়া, পদিনা, খুতৰা শাক, দোৰণশাকৰ গুটি লগতে ভোত জলকীয়া পুলিও ৰোপন কৰো। বৰ্ষা কালত ওখ পাটবাহাৰ গছত ভাত কেৰেলা, তিতাকেৰেলা আৰু তিয়ঁহ লগাও।পিছফালে থকা সাঁচীগছ, কেহা আমলখি, মহানিম, মধূৰী বগিজামু আৰু লেতেকু গছত জিকা, তিয়ঁহ, কুন্দোলী, ভাতকেৰেলা পানিলাও, কোমোৰা আৰু ৰঙালাও লগাও।ৰঙালাও বাবে সৰু চাং আৰু মাটি ব্যৱহাৰ কৰো।বস্তাত মাটি ভৰাই সকলো পাচলি খেতি কৰিব পাৰি বাবে সলাই সলাই সেইবোৰ কৰো। মই শীত কালটো অলপ অলপ সকলো খেতি কৰো।
লগতে পঢ়ক-
ৰাষ্ট্ৰসংঘৰ বহনক্ষম জীৱিকা উন্নয়নৰ লক্ষ্যত মুগা আৰু এৰী ৰেচম শিল্পৰ ভূমিকা
যিসকলে অকল ফুলনীহে পাতে তেওঁলোকৰ বাবে মই কৰা সকলো পাচলি খেতি কষ্ট নকৰাকৈ অতি সহজতে কৰিব পাৰিব। ফুলৰ বাবে যিমান যত্ন ল’ব লাগে তাৰ দহ ভাগৰ এভাগ যত্ন ল’লেই বহুত ভাল ফচল পাব। আৰু পুৱা-গধূলী এইবোৰ চাই মনত আনন্দ পোৱা লগতে খাই তৃপ্তি পাব। অলপ শ্ৰম কৰিলে সুস্বাস্থ্য অটুট থাকিব। পোক-পৰুৱা আৰু ডিমৰুৱা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কণীৰ প্লেট সৰু সৰুকৈ টুকুৰা কৰি বাঁহৰ খুঁটিত জ্বলাই তলত সন্ধ্যা সময়ত পুতি দিব। ডিমৰুৱাই বংশ বিস্তাৰ কৰিবলৈ সকলো কুমলীয়া শস্যতে কণী পাৰে পিছত পোক হয়। ইহঁতক বিপথে নিবলৈ বজাৰৰ আধাপকা সৰু বেয়া চেনীকল(পেলনীয়া)য’ত ত’ত লগালে এইবোৰৰ পৰা কিছু ৰক্ষা পাব।ডিমৰুৱাই বিন্ধা আগতেই ৰঙালাও বোৰ সৰুতেই ফটা কাপোৰেৰে মেৰিয়াই দিব।
পাচলি খেতি বৰ সহজ। ঘৰৰ বাৰীত গজা সেউজীয়া ঘাঁহ-বন উঘালি গুৰিত দিব ই অতি উত্তম সাৰ। শেষত কওঁ- ঘৰত দোজোপা পাচলি কৰি খাওক বজাৰৰ ৰাসায়নিক সাৰ দিয়া আৰু বিহপানী ছতিয়াই সতেজ কৰি ৰখা পাচলি খাই অসুখিয়া নহ’ব।
লেখক- ৰাজেন শইকীয়া, গোলাঘাট
লগতে পঢ়ক-