 
            নতুন প্ৰশাসনিক গোট সন্দৰ্ভত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। আজি দিল্লীত অনুস্থিত কেবিনেট বৈঠকত ৰাজ্যৰ চাৰিখন জিলাক বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি বজালি, বিশ্বনাথ, তামুলপুৰ আৰু হোজাই জিলাক মহকুমা পৰ্যায়লৈ নিয়া হ’ব।
অত্যন্ত দুখেৰে সিদ্ধান্ত লোৱা বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে-
- বজালি জিলাক মহকুমা ৰূপে বৰপেটা জিলাৰ লগত সংলগ্ন কৰা হ’ব।
- হোজাই জিলাক মহকুমা ৰূপে নগাঁও জিলাৰ লগত সংলগ্ন কৰা হ’ব।
- তামুলপুৰ আৰু বাকসাক একত্ৰ কৰি এখন জিলা কৰা হ’ব আৰু
- বিশ্বনাথ জিলাক পুনৰ শোনিতপুৰ জিলাৰ সৈতে সংলগ্ন কৰা হ’ব।
ইয়াৰ লগতে কেইবাখনো জিলাৰ সীমাৰ সালসলনি কৰাৰো সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। এতিয়াৰেপৰা উত্তৰ গুৱাহাটী কামৰূপ মহানগৰৰ অন্তৰ্ভুক্ত হ’ব।
ইয়াৰ লগতে লখিমপুৰ, মাজুলী, গোলাঘাটৰো সীমাৰ সালসলনি ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে।
অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিলুপ্তি ঘটোৱা জিলাসমূহৰ বাসিন্দাসকলৰ পৰা ক্ষমাও বিচাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
১ জানুৱাৰীৰপৰা কোনো প্ৰশাসনিক গোট গঠন কৰাত নিৰ্বাচনী আয়োগে বাধা প্ৰদান কৰাৰ বাবেই এই সিদ্ধান্তসমূহ ল'বলগীয়া হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। বিশেষ প্ৰশাসনিক কাৰণত সাময়িকভাৱেহে জিলাসমূহক মহকুমা পৰ্যায়লৈ নিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়কঃ আকৌ বাঢ়িল বিদ্যুতৰ বিল! এইবাৰ মানুহ চাই বিদ্যুৎ মাচুল বৃদ্ধি কৰিব APDCL -এ
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments