1. News

এই জাতৰ এজনী কুকুৰাই দিনে দিব ৩১ টাকৈ কণী

KJ Staff
KJ Staff
hen lay 31 eggs in a day
hen lay 31 eggs in a day

উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ ভিকিয়াছাইনত ঘটিল এটা নোহোৱা নোপজা ঘটনা। কণী পাৰি অভিলেখ সৃষ্টি কৰিলে এটা কুকুৰাই। অদ্ভূত ক্ষমতাৰ বাবে কুকুৰাটো হৈ পৰিল বাতৰিৰ শিৰোনাম। এদিনতে ৩১টা কণী পাৰি এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছানী নামৰ কুকুৰাটোৱে। ঠিকেই পঢ়িছে এটা কুকুৰাই একেদিনাই পাৰিলে ৩১ টা কণী। ইয়াৰ পাছতে মানুহে দূৰ-দূৰণিৰ পৰা কুকুৰাটো আৰু ইয়াৰ কণী চাবলৈ গাঁওখনলৈ আহিবলৈ ধৰিছে।

কুকুৰাটোৰ গৰাকীয়ে প্ৰকাশ কৰা মতে এদিন গোটেই দিনৰ দিনটো অবিৰতভাৱে কণী পাৰিলে কুকুৰাটোৱে। ইয়াক কোনোৱে প্ৰকৃতিৰ উপহাৰ বা কোনোবাই অলৌকিকতা বুলি ক’ব বিচাৰিছে। কিন্তু এদিনতে ৩১টা কণী পাৰি কুকুৰাটোৱে মানুহক আচৰিত হ’বলৈ ​​বাধ্য কৰিছে। বিশ্ব অভিলেখৰ সম্ভাৱনা প্ৰকাশ কৰি এই ঘটনাক গিনিজ বুকত পঞ্জীয়ন কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।

এই কুকুৰাটো পালন কৰিছিল গিৰীশ চন্দ্ৰ বুধনী নামৰ লোকজনে। বাদাম-হালধিৰ প্ৰতি আকৰ্ষিত কুকুৰাটোৱে স্থাপন কৰিলে এই সুকীয়া ৰেকৰ্ড। যোৱা দেওবাৰে ২৫ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় পাঁচ বজাত যেতিয়া গিৰিশে ঘৰলৈ আহি দেখে যে, তেওঁৰ কুকুৰাটোৱে অবিৰতভাৱে দুটা দুটাকৈ কণী পাৰি আছে।

ৰাতিপুৱা আঠ বজাৰ পৰা কণী পৰা আৰম্ভ হৈছিল আৰু এই প্ৰক্ৰিয়াটো গোটেই দিনটো মাজে মাজে চলি আছিল। নিশা প্ৰায় ১০ বজালৈকে কুকুৰাটোৱে ৩১টা কণী পাৰিছিল। ঘটনাৰ পাছত এই বাতৰিটো সমগ্ৰ অঞ্চলত দ্ৰুতগতিত বিয়পি পৰে। সম্প্ৰতি তেওঁৰ ঘৰত এই কুকুৰাটো চাবলৈ মানুহে ভিৰ গোট কৰিছে।

কোৱা হৈছে যে তেওঁৰ দুটা কুকুৰা আছে আৰু তেওঁ কুকুৰাবোৰক সাধাৰণ খাদ্যৰ লগতে বাদাম খুৱাই থাকে। প্ৰতিদিনে কুকুৰাটোৱে প্ৰায় ২০০ গ্ৰাম মাটিমাহ খায়।

উল্লেখ্য যে, চকুৰ সন্মুখত কুকুৰাটোৱে অবিৰতভাৱে কণী পৰা দেখি পৰিয়ালৰ সকলো সদস্যই স্তম্ভিত হৈ পৰিছিল।

কুকুৰাটোৰ স্বাস্থ্যৰ বাবেও তেওঁলোকে চিন্তা কৰিবলৈ ধৰিছিল। কিন্তু পশু চিকিৎসকে বুধনীক কুকুৰাটো সম্পূৰ্ণ সুস্থ বুলি কৈ আশ্বস্ত কৰে। একে সময়তে অন্ধ বিশ্বাসৰ বিষয়েও আলোচনা হৈছিল যদিও এই মুহূৰ্তত ইয়াৰ কোনো নিশ্চয়তাও নাই।

উল্লেখ্য যে বাতৰিটো বিয়পি পৰাৰ পাছতে সেই স্থানলৈ গৈছিল পশু চিকিৎসকৰ এটা দল। কিন্তু পৰিঘটনাটোৰ সঠিক বিৱৰণ তেওঁলোকেও দিব পৰা নাই। ইফালে, বহুজনৰ মাজত মনোৰঞ্জনো যোগান ধৰিছে এই ঘটনাই। বহুজনে ৰগৰ কৰিছে যে যদি এই জাতৰ এশজনী কুকুৰা পোহা হয় তেতিয়া খুব কম দিনতে কোটিপতিও হ'ব পাৰিব। কাৰণ এদিনত যদি এজনী ৩১ কণী পাৰে তেতিয়া এমাহত ৬,৫০০ টকাৰ কণী পাৰিব আৰু এমাহত এশজনী কুকুৰাই কণী পাৰিব ৬ লাখ ৫১ হাজাৰ টকা।

লগতে পঢ়কঃ অসমৰ জিলাৰ সংখ্যা ৩১ খনলৈ হ্ৰাসঃ নাথাকিব বজালি, বিশ্বনাথ, তামুলপুৰ, হোজাই জিলা

English Summary: hen lay 31 eggs in a day

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.