![Heating Jacket](https://asomiya.krishijagran.com/media/6605/heating-jacket-2.jpg)
শীতকালৰ আগমন ঘটিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে গৰম দিনত অত্যধিক গৰম আৰু ঠাণ্ডাদিনত অত্যধিক ঠাণ্ডাৰ বাবে পৃথিবীৰ জীৱকুলৰ লগতে মানৱ জীৱনৰ প্ৰতি বিভিন্ন প্ৰত্যাহ্বান নামি আহিছে। কিন্তু এই প্ৰত্যাহ্বানৰ লগত সদায় মোকাবিলা কৰি আহিছে মানুহে। নিত্য নতুন প্ৰযুক্তিসমূহেই ইয়াৰ সাক্ষ্য বহন কৰি আহিছে। কভিডৰ মহামাৰীকো প্ৰত্যাহ্বান জনাই মানুহে আজি সগৌৰৱে থিয় দি আছে।
শেহতীয়াকৈ শীতৰ অত্যধিক প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰি উলিওৱা হৈছে এটা হিটাৰ জেকেট। এই জেকেটোৱে আপোনাক শীতৰ দিনতো অনুভৱ কৰাব পাৰে জুন-জুলাই মাহৰ উষ্ণতা। জেকেটটো পিন্ধিলেই গৰম নুঠে। আপোনাৰ প্ৰয়োজন অনুসৰি চুইছৰ দ্বাৰা শীত-তাপ নিয়ন্ত্ৰিত কৰিব পাৰিব। জানিব পৰা মতে, জেকেটটোত তিনিটা তৰপ আছে। জেকেটটোৰ ভিতৰত ৫ টা পৃথক গৰম অঞ্চল থাকে আৰু তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ৩ টা স্তৰ থাকে যিবোৰ বুটামৰ মাজেৰে ছেট কৰা হয়।
লগতে পঢ়ক-
LIC Jeevan Umang Policy: দৈনিক ৪৫ টকা জমা কৰি ২৭ লাখৰো অধিক ধন লাভ কৰক
![Winter-controlled jackets are coming to market](https://asomiya.krishijagran.com/media/6604/heating-jacket.jpg)
আপুনি সাধাৰণ দোকানৰ সলনি এই জেকেটবোৰ সহজে অনলাইনত পাব। YHG Heated Vest অনলাইন শ্বপিং প্লেটফৰ্মৰ দ্বাৰা Amazonত বিক্ৰী কৰা হৈছে। ইয়াৰ মূল্যও এটা সাধাৰণ হিটাৰৰ দৰে একে। প্ৰায় ৯ হাজাৰ এমআৰপি থকা জেকেটটো ৰেহাইৰ পিছত ৪,৩১৬ টকাত ক্ৰয় কৰিব পাৰিব।
শীতকালত সাধাৰণতে আমি শৰীৰটোক গৰম কৰি ৰাখিবলৈ কেইবাটাও চোলা পিন্ধিব লগা হয়। কিন্তু Heating Jacket টো পৰিধান কৰিলে আপুনি এটা চোলা পিন্ধিলেই যথেষ্ট। আৰু ই আৰামদায়ক আৰু পাতল। মবাইলৰ দৰেই ইয়াক চাৰ্জ দিব পাৰি। লগতে কাৰেণ্টৰ চোলা ব্যৱস্থা থকাৰ কাৰণে বহুতে ভাবিব পাৰে ইয়াক ধুব পাৰিব নে! হয় ইয়াক প্ৰয়োজন অনুসৰি উপভোক্তাগৰাকীয়ে আমাৰ সাধাৰণ জেকেটৰ দৰেই ধুবও পাৰি।
লগতে পঢ়ক-
Share your comments