
ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰতৰ অন্যতম কৃষি মিডিয়া হাউচ ‘কৃষি জাগৰণে’ 'হৰ ঘৰ ত্ৰিৰংগা’ আন্দোলনক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে। কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সকলো সদস্যই হাতত জাতীয় পতাকা লৈ কাৰ্যালয়ৰ ভিতৰ অভিযান আৰম্ভ কৰে। কৃষি জাগৰণৰ সদস্যসকলে কয় যে 'পৰিৱৰ্তন ঘৰতে আৰম্ভ হয়,'। কৃষি জাগৰণ পৰিয়ালৰ প্ৰতিজন কৰ্মচাৰীয়ে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী প্ৰচাৰৰ বাবে সহমত পোষণ কৰে।
এই সন্দৰ্ভত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক কয়- "মই ভাবো আমাৰ দেশৰ বাবে এনে এক বিশাল অভিযানৰ অংশীদাৰ হব পৰাতো গৌৰৱৰ কথা।মই ইতিমধ্যো প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাইছো। আৰু কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ সকলো সদস্যক ইয়াৰ অংশীদাৰ হব বাবে অনুৰোধ জনাইছো। এই এইদৰেই মন্তব্য আগবঢ়াই কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিকে কাৰ্যলয়ৰ ভিতৰতে পতাকা উত্তোলন কৰে। ত্ৰিৰংগা পতাকা উত্তোলন কৰি তেওঁ কয় অনৈক্যৰ মাজত ঐক্য সৃষ্টিৰ লক্ষ্য এই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। কৃষি জাগৰণ মিডিয়া গ্ৰুপেও এই উদ্দেশ্য দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।
লগতে তেওঁ কয়, "কৃষি জাগৰণে প্ৰতিখন গাঁৱৰ প্ৰতিজন ভাৰতীয় কৃষকে যাতে পতাকা পিন্ধে আৰু এই #HarGharTiranga আন্দোলনক অধিক শক্তিশালী কৰি তোলাটো নিশ্চিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব। আমাৰ উদ্দেশ্য সদায় কৃষকসকলৰ বিকাশৰ বাবে কাম কৰা আৰু ইয়াতো আমি একেটা কামকে কৰিম। কৃষকসকল মহান ভাৰতৰ এটা অতি মূল্যৱান অংশ। আমি নিশ্চিত কৰিম যে তেওঁলোকে আগবাঢ়ি যাওঁক আৰু পিছপৰা বুলি অনুভৱ কৰিব অনুভৱ নকৰে।"

উল্লেখ্য যে কৃষি জাগৰণ মিডিয়া গ্ৰুপে বিভিন্ন ৰাজ্যৰ প্ৰায় ১২ টা ভাষাত বাতৰি আগবঢ়ায়। এই প্ৰতিখন ৰাজ্যৰ জনতাৰ মাজত ইতিমধ্যে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ কাম-কাজক বিভিন্ন মাধ্যমেৰে কৃষি জাগৰণ মিডিয়া গ্ৰুপে প্ৰচাৰ কৰি আহিছে। শেষত প্ৰতিজন পঢ়ুৱৈ, দৰ্শক, শ্ৰোতালৈ কৃষি ডাগৰণ মিডিয়া গ্ৰুপৰ আহ্বান- আমি সকলো সদস্যই সামাজিক মাধ্যমত আমাৰ প্ৰফাইল ফটো সলনি কৰিছো আৰু আপোনালোকেও হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ চৰকাৰ সহযোগিতা কৰক।
লগতে পঢ়ক- ICAR ৰ নৱ নিযুক্ত সঞ্চালক প্ৰধান ড০ হিমাংশু পাঠকক সাক্ষাৎ কৃষি জাগৰণৰ
Share your comments