Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 24 January, 2025 6:17 PM IST
Haifa Group Launches ‘Haifa India Fertilizers and Technologies Private Limited’ in India

দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ। সাৰৰ ক্ষেত্ৰখনত বিশ্বৰ আগশাৰী কোম্পানী হাইফা গ্ৰুপে মুকলি কৰিলে হাইফা ইণ্ডিয়া ফাৰ্টিলাইজাৰছ এণ্ড টেকন’লজিছ প্ৰাইভেট লিমিটেড। চলিত বৰ্ষটোৰ ২৩ জানুৱাৰীত মুম্বাইৰ টাজ হোটেলত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানত মুকলি কৰে হাইফা ইণ্ডিয়া ফাৰ্টিলাইজাৰছ এণ্ড টেকন’লজিছ প্ৰাইভেট লিমিটেড। কৃষকসকলৰ বাবে এক মাইলৰ খুঁটি হৈ পৰিব ২৩ জানুৱাৰী দিনটো। কৃষকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতিটো দিশক সামৰি অনাগত দিনত নতুন চিন্তাৰে কাম কৰি যাব বুলি জানিবলৈ দিয়ে হাইফ্ৰা গ্ৰুপৰ অধ্যক্ষ এৰিয়েল হালপেৰিনে।

Haifa Group CEO Motti Levin with Sudhakar Maddila, Managing Director of Haifa India, at the launch event

অনুষ্ঠানটো হাইফা গ্ৰুপৰ ব’ৰ্ডৰ অধ্যক্ষ এৰিয়েল হালপেৰিনে,  মট্টি লেভিন (CEO)  ইজৰাইলৰ কনছুল জেনেৰেল কোব্বি শ্বোছানি, হা ইফা ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সুধাকৰ মদ্দিলা আৰু  হাইফা ইণ্ডিয়াৰ উপদেষ্টা শচীন কুলকাৰ্ণীৰ লগতে হাইফাৰ বিশ্ব নেতৃত্বৰ অন্যান্য সদস্যসকল।

হাইফা গ্ৰুপ: ১৯৬৬ চনৰ পৰা সাৰৰ ক্ষেত্ৰখনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে

১৯৬৬ চনত প্ৰতিষ্ঠা হোৱা হাইফা গ্ৰুপে আধুনিক কৃষি পদ্ধতিক সমৰ্থন কৰিবলৈ আৰম্ভণি পৰা সাৰ যোগান ধৰাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে আগৰণুৱা হৈ আহিছে। বিশ্বজুৰি ১০০ খনতকৈও অধিক দেশ আৰু ১৮টা সহযোগী কোম্পানী আছে হাইফাৰ। ইজৰাইলত জন্ম হোৱা হাইফাই সমগ্ৰ বিশ্বৰ সাৰৰ ক্ষেত্ৰখনত বৰ্তমান মেৰুদণ্ড হিচাপে কাম কৰে। হাইফাৰ সামগ্ৰীসমূহ এনেদৰে ডিজাইন কৰা হৈছে যাতে শস্যৰ উৎপাদন সৰ্বাধিক হয় আৰু লগতে বিশ্বজুৰি কৃষকৰ নিত্য প্ৰয়োজনীয়তাসমূহ পূৰণ হয়।

Senior officials of Haifa Group during the launch of its Indian subsidiary at Hotel Taj Mahal Tower, Mumbai

ভাৰতত হাইফা গ্ৰুপ

হাইফা গ্ৰুপৰ ভাৰতত যাত্ৰা আৰম্ভ হৈছিল ১৯৯৬ চনত। বছৰৰ পিছত বছৰ ধৰি ইয়াৰ সামগ্ৰীসমূহ ভাৰতীয় কৃষকসকলৰ দ্বাৰা বহুলভাৱে স্বীকৃতি আৰু বিশ্বাসযোগ্য হৈ পৰিছে। বৰ্তমান সময়ত আঙুৰ, ডালিম, ফুলৰ খেতিৰ দৰে উচ্চ মূল্যৰ শস্যৰ বাবে হাইফা গ্ৰুপৰ অবিহনে যেন অসম্ভৱ।

English Summary: Haifa Group Launches ‘Haifa India Fertilizers and Technologies Private Limited’ in India
Published on: 24 January 2025, 06:17 IST