1. News

কৃষিপ্ৰযুক্তি ষ্টাৰ্টআপৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিব টকা!

KJ Staff
KJ Staff
Govt fund
Govt fund

আগন্তুক বাজেটত কৃষিপ্ৰযুক্তি ষ্টাৰ্টআপসমূহক কম সূতৰ ঋণ আৰু কৰ ইনচেণ্টিভ আগবঢ়োৱাৰ বাবে কেন্দ্ৰই পুঁজি মুকলি কৰাৰ পৰিকল্পনা কৰিছে। তদুপৰি, ভাৰত চৰকাৰে এআই, এমএল, ৰিম'ট চেঞ্চিং, বিগ ডাটা, ব্লকচেইন, আইঅটি, ভৌগোলিক তথ্য প্ৰণালী প্ৰযুক্তি আৰু ড্ৰোনটেককে ধৰি বিভিন্ন খণ্ডত কাম কৰা ষ্টাৰ্টআপসমূহকো সমৰ্থন কৰিব যি দেশৰ কৃষি খণ্ডক পৰিৱৰ্তন কৰাত সহায় কৰিব।

ইকনমিক টাইমছৰ এক প্ৰতিবেদনত বিশেষ সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে এই কৃষিপ্ৰযুক্তি ষ্টাৰ্টআপবোৰে অধিক স্থিতিস্থাপক কৃষি পৰিৱেশতন্ত্ৰ গঢ়ি তুলিব পাৰে, ক্ষুদ্ৰ  কৃষকসকলক সমৰ্থন কৰিব পাৰে আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ বিষয়ে জ্ঞান প্ৰদান কৰিব পাৰে। সেয়েহে তেওঁলোকক উৎসাহিত কৰা আৱশ্যক।

লগতে, চৰকাৰে কৃষিক্ষেত্ৰক উদগনি প্ৰদান কৰাৰ বাবে নীতি প্ৰস্তুত কৰিব বিচাৰে যাক মাইক্ৰ'-কোল্ড ষ্টোৰেজৰ দৰে সুবিধা নিৰ্মাণ আৰু যোগান শৃংখলাৰ সমস্যা যেনে বৰ্ধিত অপচয়, অপৰ্যাপ্ত লজিষ্টিক, আন্তঃগাঁথনিৰ অভাৱ আদিৰ বাবে ব্যৱহাৰ কৰা হ'ব।

ওপৰোক্ত পদক্ষেপবোৰ হৈছে কৃষি আৰু সম্পৰ্কিত খণ্ডৰ বিকাশৰ ফলস্বৰূপে উক্ত খণ্ডবোৰৰ উৎপাদন, মানদণ্ড, লাভজনকতা আৰু দক্ষতা উন্নত কৰাৰ বাবে কেন্দ্ৰৰ প্ৰচেষ্টাৰ অংশ।

দেখা গৈছে যে কেন্দ্ৰৰ নেতৃত্বত 'উদ্ভাৱন আৰু কৃষি-উদ্যোগউন্নয়ন কাৰ্যসূচী'য়ে প্ৰায় ৮০০ টা ষ্টাৰ্টআপত মুঠ ১১৮.৬৫ কোটি টকা বনিয়োগ কৰিছে যি দেশৰ কৃষিক্ষেত্ৰৰ পৰিসৰ বঢ়াই আনিছে। এই ষ্টাৰ্টআপবোৰে মুখ্যতঃ এআই, আই.ও.টি., ব্লকচেইন আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰি আছে।

English Summary: Govt Likely To Allocate Funds To Support Agri Startups

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.