1. News

চৰাইদেউ জিলাৰ উপায়ুক্তই মুকলি কৰিলে ‘চৰাইদেউ সুগন্ধি জহা চাউল’

KJ Staff
KJ Staff
জহা চাউল
জহা চাউল

কৃষিজীৱী অসমীয়াৰ অতিকৈ প্ৰিয় এবিধ ধান হৈছে সুগন্ধি জহা৷ প্ৰতিজন কৃষকৰ খুব আদৰৰ এই বিধ ধান৷ কৃষকৰ লগতে ঘৰৰ গৃহিণীৰো অতিকে আপোন এই সুগন্ধি জহা চাউল৷ পথাৰৰ পৰা ঘৰৰ ভঁড়াললৈ ধান তোলাৰ পৰা ৰন্ধালৈকে আমোলমোলই থকে এই সুগন্ধি জহা চাউল৷ ঘৰলৈ অহা আলহীক সুস্বাদু ব্যঞ্জনৰ লগত আপ্যায়ন কৰা এই সুগন্ধি জহা চাউলৰ প্ৰতি সকলোৰে দুৰ্বলতা আছে৷ সম্প্ৰতি এই সুগন্ধি জহা চাউল নিজৰ চিনাকি হিচাপে লাভ কৰিছে চৰাইদেউ জিলাই৷ 

চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই ‘এখন জিলা এবিধ সামগ্ৰী’ (One District One Product) আঁচনিৰ অধীনত ৰাইজৰ বাবে ‘চৰাইদেউ সুগন্ধি জহা’ চাউল আনুষ্ঠানিকভাৱে মুকলি কৰে। উপায়ুক্ত গৰাকীৰ কাৰ্যালয় কক্ষত আয়োজিত অনুষ্ঠানত কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া ৰবীন ইয়েন প্ৰমুখ্যে চৰাইদেউ ছিল্ক এণ্ড এগ্ৰ' কোম্পানী লিমিটেডৰ বিষয়-ববীয়া আৰু ভালে কেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

অনুষ্ঠানত উপায়ুক্ত পল বৰুৱাই এইবিধ জহা চাউলৰ বিপণনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব বুলি অৱগত কৰে। তেওঁ ‘চৰাইদেউ সুগন্ধি জহা’ৰ যথেষ্ট চাহিদা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে ইয়াৰ যোগেদি থলুৱা কৃষক সকল লাভান্বিত হ’ব আৰু কৃষক সকলে ধানৰ উৎপাদনত অধিক গুৰুত্ব প্ৰদান কৰিব৷

চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই মুকলি কৰে  "চৰাইদেউ সুগন্ধি জহা"
চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই মুকলি কৰে "চৰাইদেউ সুগন্ধি জহা"

উল্লেখযোগ্য যে, "চৰাইদেউ সুগন্ধি জহা" চাউল চৰাইদেউ ছিল্ক এণ্ড এগ্ৰ' কোম্পানী লিমিটেডে উৎপাদন কৰিবলৈ আগবাঢ়ি আহিছে। এইবিধ জহা চাউল জিলাখনৰ বিভিন্ন  বিপনীত ৰাইজৰ বাবে উপলব্ধ হ'ব।

লগতে পঢ়কঃ কৃষিপ্ৰযুক্তি ষ্টাৰ্টআপৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিব টকা!

English Summary: Charaideo Joha rice launched

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.