1. News

বৰালি মাছ, ঔটেঙাৰ জোলেৰে লাকুৱাৰ অভয়পুৰীয়াত সমূহীয়া ন-খোৱা

KJ Staff
KJ Staff
ন খোৱা
ন খোৱা

চৰাইদেউ জিলাৰ লাকুৱাৰ অভয়পুৰীয়া গাঁৱত ৰাইজৰ সমূহীয়া ন-খোৱা। বছৰ বছৰ ধৰি অভয়পুৰীয়া গাঁওবাসীয়ে ধৰি ৰাখিছে এই পৰম্পৰা। আঘোণ মাহত ভীষণ ব্যস্ততা গঞা চহা কৃষিজীৱি ৰাইজৰ। আঘোণ মাহতেই এই কৃষিজীৱি ৰাইজে কৃষি পথাৰত সোণগুটি চপোৱাত ব্যস্ত হৈ পৰে। আঘোণ মাহ বুলিলেই যেন ব্যস্ততাৰ সীমা নাই তেওঁলোকৰ!

আঘোণৰ পথাৰৰ সোণগুটি ধাননি চপাই নধানৰ মৰণা মাৰি ন-চাউল উলিয়াই লাকুৱাৰ ৰাজগড় পথৰ অভয়পুৰীয়া গাঁৱৰ ৰাইজে পালন কৰিলে ন-খোৱা।কিন্তু অভয়পুৰীয়া গাঁৱৰ এই ন-খোৱা সুকীয়া। কিয়নো সমূহীয়াকৈ ন খাইছে গাঁওখনৰ ৰাইজে। গাঁওখনৰ ৰাইজ একত্ৰিত হৈ পৰম্পৰা ৰক্ষা কৰি মাংগলিক অনুষ্ঠানৰ মাজেৰে সমূহীয়াকৈ নধানৰ নচাউলেৰে নামঘৰৰ প্ৰাংগনতে সমূহীয়াকৈ ন-খোৱাৰ আয়োজন কৰিলে।

প্ৰায় পঁচিশ(২৫)বছৰ ধৰি শিমলুগুৰি অভয়পুৰীয়া গাঁওবাসীয়ে এইদৰে সমূহীয়াকৈ পালন কৰি আহিছে ন-খোৱা। বৰালি মাছৰ আঞ্জা, ঔটেঙাৰ জুল,নিৰামিষ ভাজিৰ আঞ্জা আৰু জলকীয়া ভাজিৰ লগতে ন-চাউলেৰে অভয়পুৰীয়া গাঁৱৰ ৰাইজ একত্ৰিত হৈ সমূহীয়াকৈ ল'লে ন-খোৱাৰ জুতি।যান্ত্ৰিকতাৰ যুগত আজিৰ সমাজত গাঁৱৰ ৰাইজৰ মাজত সমূহীয়াকৈ ন-খোৱা যেন হেৰাই যাব ধৰিছে।

কিন্তু তাৰ বিপৰীতে লাকুৱা ৰাজগড় পথৰ অভয়পুৰীয়া গাঁৱৰ বৃদ্ধ-বৃদ্ধা, বালক-বালিকা সকলো নামঘৰৰ প্ৰাংগনত একত্ৰিত হৈ সমূহীয়াকৈ ন-খোৱাৰ এই দৃশ্য আজিৰ এখন সমাজৰ বাবে এক সুন্দৰ বাৰ্তা।

লগতে পঢ়কঃ বিলাহী খেতিৰে উজ্জীৱিত বৰনদীৰ পাৰৰ কৃষি পথাৰ

English Summary: Na khowa feast in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.