1. News

৪ কৃষকলৈ অসম কৃষক পৰিষদৰ কৃষক বঁটা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অসম কৃষক পৰিষদৰ কৃষক বঁটা ২০২৩ প্ৰদান
অসম কৃষক পৰিষদৰ কৃষক বঁটা ২০২৩ প্ৰদান

কৃষক শ্বহীদ দিৱসৰ দিনটোতে আজি ৰাজ্যৰ চাৰিগৰাকীকৈ কৃষকক অগপৰ ভাতৃ সংগঠন কৃষক পৰিষদে প্ৰদান কৰে "কৃষক বঁটা-২০২৩"। শনিবাৰে পুৱা অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যলয়ত অনুষ্ঠিত কৃষক দিৱসৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটাসমূহ।

বঁটা লাভ কৰা চাৰিগৰাকী কৃষক ক্ৰমে- ডিব্ৰুগড়ৰ জিলাৰ জৈৱিকভাৱে প্ৰাকৃতিক চাহ প্ৰস্তুতকাৰী ক্ষুদ্ৰ চাহ খেতিয়ক ধীৰেন ফুকন, বৰাক উপত্যকাৰ কাছাৰ জিলাৰ মীন পালক আৰু মীন পোনা উৎপাদনকাৰী নজৰুল হক, কামৰূপ জিলাৰ শ্ৰীকৃষ্ণ দুগ্ধ উৎপাদক দময়ন্তী দাস আৰু অপমা জ্যোতি দাস।

লগতে পঢ়ক- 

আজিৰ দিনটোতে পথৰুঘাটৰ ৰণত ১৪০ গৰাকী কৃষকক গুলীয়াই হত্যা কৰে ব্ৰিটিছে

উল্লেখ্য যে অসমক কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য, সাধাৰণ সম্পাদক  ফুলেন চন্দ্ৰ দাস লগতে অসম কৃষক পৰিষদৰ তত্ত্বাৱধায়ক ডাঃ কমলা কলিতাৰ তত্ত্বাৱধানত বাচনি সমিতিয়ে নিৰ্বাচন কৰে এই প্ৰগতিশীল কৃষককেইগৰাকীক।

শনিবাৰে পুৱা ৯:৩০ বজাত মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী তত্বাৱধায়ক ডা: কমলা কলিতা আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ উপস্থিতিত কৃষককেইগৰাকীক প্ৰদান কৰা হয় অসম কৃষক পৰিষদৰ তৰফৰ পৰা "কৃষক বঁটা-২০২৩"।

লগতে পঢ়ক- 

Paddy alternative : ধানৰ সলনি অন্য শস্যৰ খেতি কৰক খৰাং পথাৰবোৰত

English Summary: Farmers Awards 2023 to 4 Farmers of Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.