1. News

ভাল খবৰ! এইসকল বিনিয়োগকাৰীৰ একাউণ্টত ২০২৩ত সোমাব অধিক টকা

KJ Staff
KJ Staff
Money
Money

পিপিএফ, ৰাষ্ট্ৰীয় সঞ্চয় আঁচনি, এম.আই.এছ., সুকন্যা সমৃদ্ধি আঁচনিত বিনিয়োগ কৰাসকললৈ সুখবৰ। নতুন বছৰৰ আৰম্ভণিৰেপৰাই এই আঁচনিসমূহত বিনিয়োগ কৰাসকলে লাভ কৰিব বৰ্ধিত সূত। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি ১ জানুৱাৰী, ২০২৩ৰ পৰা প্ৰথম তিনিটা মাহ, অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈ ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ সুতৰ হাৰ ০.২০ ৰপৰা ১.১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সঞ্চয় আঁচনি, মাহিলী উপাৰ্জন আঁচনিৰ উপৰি এক বছৰ, দুবছৰ, তিনি বছৰ, পাঁচ বছৰৰ বাবে ৰখা জমাৰ সূতৰ হাৰ বৃদ্ধি কৰিছে। এক বছৰ সময়ৰ বাবে ৰখা জমাৰ হাৰৰ ওপৰত সূত ৬.৬ শতাংশলৈ বৃদ্ধি কৰা হৈছে, আনহাতে দুবছৰ সময়ৰ বাবে জমা ৰখা টকাৰ ওপৰত সূত ৬.৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

তিনি বছৰ সময়ৰ জমাৰ সূতৰ হাৰ ৬.৯ শতাংশলৈ বৃদ্ধি কৰা হৈছে, পাঁচ বছৰ সময় জমাৰ ওপৰত সূত ৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ সূতৰ হাৰ ৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

মাহিলী উপাৰ্জন আঁচনিৰ সুতৰ হাৰ ৭.১ শতাংশলৈ বৃদ্ধি কৰা হৈছে, কিষাণ বিকাশ পত্ৰৰ সূতৰ হাৰ ৭.২ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰৰ সূতৰ হাৰ ৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

লগতে পঢ়কঃ নলবাৰীত কৃষকৰ বাবে PMKYC আঁচনিৰ সজাগতামূলক সভা

English Summary: Good news regarding small savings scheme

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.