1. পশুপালন

Amur cup : মীনপালকসকলে আমুৰ কাৰ্প পালন কৰি আয় বৃদ্ধি কৰিব পাৰে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Method of rearing Amur carp
Method of rearing Amur carp

তলত দিয়া আমুৰ কাপ মাছৰ ফটো কেইখন ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈ পুখুৰীৰ। পোনাৰ প্ৰাৰম্ভিক ওজন আছিল প্ৰায় 3 গ্ৰাম, আমি যোগান ধৰিছিলো বিগত 25 মে তাৰিখে। আজি 45 দিনৰ মূৰত পৰীক্ষামূলকভাৱে কিমান ডাঙৰ হৈছে জাল টানি চাওঁতে সেই মাছ প্ৰায় 300-350 গ্ৰাম ওজনৰ হৈছেগৈ। দেৰ মাহত যদি 300 গ্ৰাম হয় তেন্তে বছৰৰ শেষত গৈ এই মাছ অনায়াসে 1.5 কেজি ওজন প্ৰাপ্ত হ’ব পাৰে যদিহে খাদ্য ভালদৰে যোগান ধৰা হয়।

ফটো : ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈ পুখুৰীৰ  আমুৰ কাপ মাছৰ ফটো
ফটো : ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈ পুখুৰীৰ আমুৰ কাপ মাছৰ ফটো

এবছৰত এটা সৰু 2-3 গ্ৰাম ওজনৰ মাছ পোনা যদি 1000-1500 গ্ৰাম ওজন প্ৰাপ্ত হয় তেন্তে মীন পালনত আয় অন্য খেতিৰ তুলনাত যথেষ্ট বেছি হ’ব। তেনেকুৱা অলেখ উদাহৰণ আছে, টিংখঙৰ অৰ্ণৱ নামৰ মীন উদ্যমীৰ পুখুৰীত এই মাছ এবছৰত 2.5 কেজি পৰ্য্যন্ত পাইছে, লখিমপুৰৰ ভোগপুৰত প্ৰদীপ ফুকনে সৰু ফ্ৰাই পোনাৰ পৰা 2.5 কেজি ওজনৰ আমুৰ মাছ পাবলৈ সক্ষম হৈছে, গহপুৰ কলবাৰীৰ ডিম্বেশ্বৰ শইকীয়াই অনুৰূপ ফলাফল লাভ পাবলৈ সক্ষম হৈছে।

লগতে পঢ়ক-

বানপানীৰ পাছত মীনপালকসকলৰ কৰণীয়

ফটো : ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈ পুখুৰীৰ  আমুৰ কাপ মাছৰ ফটো
ফটো : ডিব্ৰুগড়ৰ শ্ৰীমন্ত বৰদলৈ পুখুৰীৰ আমুৰ কাপ মাছৰ ফটো

কিন্তু তেনে ফলাফল পাবলৈ বিশুদ্ধ আমূৰ পোনা বাছনি কৰি পুখুৰীত পালন কৰা বাঞ্চনীয়। এনে ফলাফলৰ বাবে পানীৰ গুণাগুণ আৰু উন্নত মানৰ খাদ্য অপৰিহাৰ্য্য। নেচনেল ফিচাৰিজ ডেভেলপমেণ্ট বোৰ্ড চমুকৈ NFDB ৰ ভুৱনেশ্বৰত অৱস্থিত উন্নত পোনাৰ বীজ ভাণ্ডাৰৰ পৰা লৈ অনা আমুৰ কাৰ্প মাছৰ পোনা অতি উচ্চ মানৰ হয়। ইয়াৰ বৃদ্ধি সাধাৰণ কমন কাৰ্প মাছতকৈ প্ৰায় 35% বেছি ওজন প্ৰাপ্ত হোৱা দেখা যায়। NFFBB ৰ পৰা প্ৰমাণ পত্ৰ থকা পোনা উৎপাদকৰ পৰা পোনা ক্ৰয় কৰক, ফলাফল নিশ্চয় ভাল হ’ব।  তেনে পোনা আপুনি বিশ্বনাথ গহপুৰৰ মহাবাহু ফিচাৰিজৰ বাহিৰে নলবাৰীৰ দেৱজিৎ বৰ্মন আৰু অমল মেধি, বিশ্বনাথৰ ভাৰ্গৱ ভাগৱতীৰ পুখুৰীত পাব।

আমুৰ কাৰ্প মাছে পুখুৰীৰ পানীৰ জলস্তৰৰ সকলো তৰপত গৈ খাদ্য খায়, উপঙা দানা আমুৰ কাপৰ অতি প্ৰিয়, পেটত কমন কাৰ্প মাছতকৈ কণী বা চৰ্বী কম থাকে, মঙহৰ পৰিমাণ বেছি থাকে আৰু ইয়াৰ মাংস পেশীবোৰ যথেষ্ট শক্তিশালী বাবেই মাছ খাওঁতে অপূৰ্ব সোৱাদ যুক্ত হয়।

লেখক- অনুপ শৰ্মা, ফোন- 6901624009

লগতে পঢ়ক- 

Lumpy Disease : সাৱধান ! ৰাজ্যত মহামাৰী ৰূপ লৈছে লাম্পিয়ে

English Summary: Increase your income in the method of rearing Amur carp

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.