1. News

দম্পতিটোৱে বতৰৰ শাক-পাচলিৰ লগতে কৰে বিভিন্ন জাতৰ ফলৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Success farmer
Success farmer

গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ১ নং প্ৰেমহৰা গাওঁপঞ্চায়তৰ অন্তৰ্গত গড়গাঁৱৰ কৃষক ধীৰেন শইকীয়া আৰু তেওঁৰ সহধৰ্ম্মিণী প্ৰতীমা শইকীয়াই মাত্ৰ দুবিঘা মাটিতেই খেতিকৰি স্বাৱলম্বিতাৰে নিজৰ পৰিয়াল প্ৰতিপালন কৰিছে।

তেওঁলোকৰ বাৰিখনত জিকা, আনাৰস, কুন্দুলী, কল , জালুক , জলকীয়া , কোমোৰা , অমিতা , পান , তামোল , লিচু , ডালিম , আম , কঠাল আদিৰ উপৰিও পুখুৰীত উভৈনদীকৈ আছে মাছ ৷

লগতে পঢ়ক- 

এসময়ত আনৰ ঘৰত মাছ ধৰা চক্ৰধৰ বড়োৰ, এতিয়া নিজৰে আছে ২৬ টাকৈ পুখুৰী

তেওঁৰ বাৰীত উৎপাদিত ফচলবোৰ দেওবাৰ আৰু বুধবাৰে সৰুপথাৰৰ বজাৰত আৰু বৃহস্পতিবাৰে বৰপথাৰৰ বজাৰলৈ নি বিক্ৰী কৰে। অতি ভিতৰুৱা এলেকা হোৱাৰ বাবে ইয়ালৈ যান-বাহন চলাচল কম ৷ সেয়েহে চাইকেলখনেই একমাত্ৰ সম্বল ৷ দুবিঘা মাটিৰ ৬ কঠা দ মাটিত কৃষক পৰিয়ালটোৱে ধান খেতি কৰে ৷

ইফালে,বৰপথাৰ কৃষিচক্ৰৰ অন্তৰ্গত এলেকালৈ নাযায় কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী ৷ স্বাভাবিকতে বিভাগীয় কোনো দিহা পৰামৰ্শ নোহোৱাকৈ ৰবি শস্য আৰু খাৰিৱ শস্ৰয খেতি কৰে পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে ৷

লগতে পঢ়ক- 

গোৱালপাৰাত ১২০ বিঘা মাটিত কলৰ লগতে ধান, মাকৈ, অমিতা খেতি!

English Summary: A farmer successful by cultivating two bighas land

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.