1. News

গোলাঘাটত গাহৰি মাংসৰ বিক্ৰিত ১৪৪ জাৰি

KJ Staff
KJ Staff

ৰাজ্যৰ ভিন্নপ্ৰান্তত বৰ্তমানেও অব্যাহত আছে ছোৱাইন ফ্লুৰ বিভীষিকা। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

ইতিমধ্যে ছোৱাইন ফ্লুত আক্ৰান্ত অঞ্চলৰ সুস্থ গাহৰিসমূহকো নিধন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। বিনিময়ত গাহৰি পালকসকলক আৰ্থিক সকাহ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ ঠায়ে ঠায়ে গাহৰি মাংসৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে পশুপালন বিভাগে। ইতিমধ্যে প্ৰশাসনে গোলাঘাটত গাহৰি মাংসৰ বিক্ৰিৰ ক্ষেত্ৰত ১৪৪ ধাৰা জাৰি কৰিছে।

ছোৱাইন ফ্লুৰ সংক্রমণৰ ৰোধৰ বাবেই জিলা প্রশাসনে এই নিৰ্দেশনা জাৰি কৰিছে। ২২ আগষ্টলৈকে বাহাল থাকিব প্রশাসনৰ এই নিৰ্দেশনা। নিৰ্দেশনা উলংঘনকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত গোলাঘাট জিলা প্ৰশাসনে।

লগতে পঢ়ক- গাহৰি পালকৰ ভৱিষ্যত সন্দৰ্ভত কি ক’লে মন্ত্ৰী অতুল বৰাই !

English Summary: Golaghat Issued 144 on Pork Sale

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.