1. News

এতিয়া ঘৰৰ পৰাই বিক্ৰি কৰিব পাৰিব আপোনাৰ পথাৰৰ ফচল

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বেঙানা আৰু  ৰঙালাওৰ ছবি
বেঙানা আৰু ৰঙালাওৰ ছবি

ভাৰতবৰ্ষৰ অধিকাংশ কৃষকক এতিয়াও আধুনিক কৃষি পদ্ধতিয়ে স্পৰ্শ কৰিব পৰা নাই। ইয়াৰ মূলতে ভাৰতবৰ্ষৰ প্ৰায় নিৰক্ষৰ লোকসকলহে কৃষিকৰ্মৰ লগত জড়িত। নিৰক্ষৰ কৃষকৰ তুলনাত উচ্চ শিক্ষাৰে শিক্ষিত কৃষকৰ সংখ্যা এপাছি শাকত এটা জালুকৰ দৰে। ইয়াৰ মূলতে আছে বহুতো সামাজিক কাৰণ। কাৰণ অসমৰ দৰে ৰাজ্যত কৃষকসকলে সন্মান নাপায়। যি সন্মান এজন চাকৰিয়ালে পায়। গতিকে শিক্ষিত লোকসকলে কৃষিৰ সনলি চাকৰিক অধিক গুৰুত্ব দিয়ে। বহু শিক্ষিত যুৱকে চাকৰি নাপালে একো উপায় নাথাকিলেহে খেতি কৰিবলৈ লয়।

অৱশ্যে অসমত এই ধাৰণা  ক্ৰমশ সলনি হ'বলৈ ধৰিছে। শিক্ষিত যুৱকসকলেও কৃষিকৰ্মত নিযুক্ত হৈ কৃষিখণ্ডলৈ শুভবাৰ্তা কঢ়িয়াই আনিছে। তেনেসময়তে চৰকাৰৰ লগতে কিছুমান ব্যক্তিগত খণ্ডই কৃষক আৰু কৃষিখণ্ডৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কৃষিয়ে ভাৰতবৰ্ষৰ অৰ্থনীতিত কি অৰিহণা যোগাই আহিছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে এই কৃষক আৰু কৃষিখণ্ড উন্নয়নৰ বাবে চৰকাৰেই কেৱল দায়বদ্ধ নহয়। তাৰ প্ৰতি লক্ষ্য ৰাখি  দেশৰ কোম্পানীবোৰেও কৃষিৰ উন্নতিৰ বাবে বৃহ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ দেশৰ ITC কোম্পানীয়ে কৃষকসকলৰ সুবিধাৰ বাবে এটা এপ মুকলি কৰিছে, যাৰ জৰিয়তে দেশৰ কৃষক আৰু FPO সংগঠনবোৰে এখন মাৰ্কেটিঙৰ এখন মঞ্চ লাভ কৰিব। এই সন্দৰ্ভত ITC ৰ চিএমডি সঞ্জীৱ পুৰীয়ে এক ভাৰ্চুৱেল সংবাদমেলযোগে জানিবলৈ দিয়ে যে  চুপাৰ এপ MAARS এ কৃষকসকলক আধুনিক সঁজুলি, সঠিক মূল্যত সঠিক মানদণ্ডৰ এখন বজাৰৰ ওপৰি বিত্তীয় লেনদেনৰ সুবিধা দিব। লগতে তেওঁ কয়  এই এপটোৱে তেওঁলোকক বৰ্তমান 200 কৃষক সংগঠন অৰ্থাত FPO ৰ সৈতে কাম আৰম্ভ কৰিছে। এই ২০০ কৃষক সংগঠনত আছে 40,000 কৃষক।

এই এপটোৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ITC দৰে ক্ৰেতাক বিক্ৰী কৰিব পাৰে। য'ত MAARS এপে উৎপাদিত সামগ্ৰীৰ বিক্ৰিৰ ক্ষেত্ৰত মাধ্যম হৈ কাম কৰিব। তদুপৰি এই এপৰ জৰিয়তে, কৃষকসকলে ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ বাবে এখন মঞ্চও লাভ কৰিব। লগতে উৎপাদিত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ সুবিধা পাব। উল্লেখ্য যে ITC য়ে ইতিমধ্যে জৈৱিকভাৱে উৎপাদিত উচ্চ মানদণ্ডৰ জলকীয়া, আম, কফি, ঘেঁহু, আটা আদিৰ শক্তিশালী কৰিবলৈ কৃষকসকলৰ সৈতে সহযোগিতা কৰি আছে।

এই এপটোৱে কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰিৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব। কিয়নো বহু সময়ত কৃষকসকলে উতপাদিত শস্যসমূহ বিক্ৰি কৰিবলৈ এখন উপযুক্ত বজাৰ নাপায়। কিন্তু ITC ৰ ছুপাৰ এপ MAARS এ কৃষকৰ এই সমস্যা দূৰ কৰিবলৈ আহি আছে। দেখা যায় অসমৰো অধিকাংশ খেতিয়কে বজাৰ অভাৱৰ বাবে কেতিয়াবা ব্যাপক লোকচানৰ সন্মুখীন হয়। বিক্ৰি কৰিব নোৱৰা শাক-পাচলি কৃষি পথাৰতে গেলি যায়।

লগতে পঢ়ক- e-NAM, PoP কি? ই কেনদৰে সহায় কৰিব কৃষক!

English Summary: ONLINE MARKET

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.