1. News

কি চলি আছে গৰুখুঁটি প্ৰকল্পত!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
GARUKHUTI PRAKALPA  LETEST  UPDATE
GARUKHUTI PRAKALPA LETEST UPDATE

বিতৰ্কিত গৰুখুঁটি প্ৰকল্পৰ শেহতীয়াকৈ আহি আছে এটাৰ পাছত এটা ভালখবৰ। বিগত ২১ জুলাইত এবছৰ অতিক্ৰম কৰা গৰুখুঁটি প্ৰকল্পই বছৰটোত লাভ উঠাইছিল ২৮ লাখ ৯১ হাজাৰ ২৭৭ টকা। প্ৰকল্পটোত দুগ্ধ উতপাদনৰ লগতে ঋতুকালীন শাক-পাচলি, সৰিয়হ আদিৰ খেতি কৰা হৈছিল।

কিন্তু শেহতীয়াকৈ প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই বহুমুখী প্ৰকল্প হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে বিভিন্ন নিত্য-নতুন কাৰ্যপন্থা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহৰে অংশ হিচাপে দেওবাৰে  গৰুখুটি প্ৰকল্পস্থলীত ২০০০০ কল পুলি, ৫০০০ নেমু পুলি, ১০০০ তামোল পুলি ৰোপনৰ লগতে একোখন অমিতা বাগানৰ বাবে পুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰা হয় কৰে প্ৰকল্পটোৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাই।

লগতে পঢ়ক- 

সুগন্ধি বিৰিণাৰ শিপাই ১৪-১৫ ফুুট গভীৰলৈকে মাটিক খামুচি ধৰে

এই সন্দৰ্ভত সামাজিক মাধ্যমত বিধায়কগৰাকীয়ে লিখিছে-‘ গৰুখুটি প্ৰকল্পস্থলীত ২০০০০ কল পুলি, ৫০০০ নেমু পুলি, ১০০০ তামোল পুলি ৰোপনৰ লগতে একোখন অমিতা বাগানৰ বাবে পুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰ হব খোজা প্ৰতিগৰাকী ব্যক্তিলৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো । গৰুখুটি প্ৰকল্পৰ প্ৰতি আন্তৰিকতাৰে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী বিষয়া তথা কৃষকলৈ আমি ধন্যবাদ জনাইছোঁ।’

পোষ্টটোত পদ্ম হাজৰিকাই প্ৰকল্পটোৰ উন্মোচন কৰা কেইবাখনো ফটো আপলোড কৰাৰ লগতে শ্ৰমিকসকলে কল, নেমু, অমিতা, তামোল আদিৰ পুলি ৰোপন কৰি থকা কেইবাখনো ফটো শ্বেয়াৰ কৰে।

লগতে পঢ়ক- ১,১০০ প্ৰকাৰৰ ধান সংৰক্ষণ কৰি থলুৱা বীজ বেংক সৃষ্টি সুদাম চাহুৰ

English Summary: GARUKHUTI PRAKALPA LETEST UPDATE

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.