Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 September, 2022 5:15 PM IST

সাধাৰণতে ঘৰৰ পিচফালে নাইবা ঘৰৰ কাষতে খালি হৈ থকা মাটিখিনিত শাক-পাচলিৰ বাৰীখন পতা হয়। যাতে ঘৰতে প্ৰয়োজন হোৱা শাক-পাচলিখিনি কম খৰচতে সহজতে সতেজ অৱস্হাত লাভ কৰিব পাৰি৷ শাক পাচলিৰ বাৰীৰ কাষতে উত্তৰ দিশে থকা মিটিখিনিতো কেই জোপামান ফলমূলৰ গছ ৰুইও শাক-পাচলিৰ লগতে ফলমূলখিনিও আহৰণ কৰিব পাৰি৷ এনে ধৰণৰ সোনকালে বঢ়া ফলমূলৰ গছবিলাক হ’ল অমিতা, নেমু মাটিকঠাক, কল, চজিনা ইত্যাদি৷

এনেদৰে শাক-পাচলি আৰু ফলমূলৰ গছ ৰুই পৰিয়ালৰ মানুহখিনিৰ শ্ৰমদান, জিৰণিৰ উৎসৰ লগতে আনন্দ উপভোগ কৰাৰ স্হলী সৃষ্টি কৰিব পাৰি৷ সাধাৰণতে এখন ২০০ বৰ্গ মিটাৰ বাৰীয়ে প্ৰতিদিনে ১.৫ কিলোগ্ৰাম শাক পাচলি যোগান ধৰে যি একোটা ৫ জনীয়া পৰিয়ালৰ বাবে বাবে যথেষ্ট ৷ ফলমূল বা শাক-পাচলি ৰোৱা বা সিঁচাৰ আগতে জাত নিৰ্বাচনত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে৷ নিৰ্বাচিত কৰা জাতবিলাক উৎপাদনক্ষম, নিৰোগী আৰু বিশ্বাসযোগ্য উৎসৰ হ’ব লাগে৷

নেমু গছৰ বাবে ৰুব লগীয়া ঠাইডোখৰত শাকপাচলি বাৰীৰ উত্তৰ দিশৰ যিকোনো একাষে হব লাগে৷ গছবিলাক মধ্যমীয়া আকৃতিৰ লগতে দীৰ্ঘদিনীয়া হোৱাৰ বাবে এনে কৰিলে প্ৰতিপালন কৰাত আৰু সৌন্দৰ্য্য বৃদ্ধিত সহায়ক হয়৷ ৰুৱাৰ পাছতে সঘনাই গছকেইজোপা পৰিদৰ্শণ কৰি বন বাত চিকুনাব লাগে। লগতে খৰালি সঘনে মাটিৰ জীপলৈ লক্ষ্য ৰাখি পানীৰ ব্যৱস্হা কৰিব লাগে৷ পৰাপক্ষত কীটনাশক ঔষধ প্ৰয়োগ নকৰাই ভাল আৰু যদিহে কিবা কাৰণত কৰিব লাগে তেতিয়াহ'লে পাত খোৱা পোকৰ কাৰণে মালাথিয়ন ৫০ ইচি নামৰ ঔষধ ১ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই স্প্ৰেয়াৰেৰে গছৰ পাতৰ তলে ওপৰে স্প্ৰ কৰিব লাগে৷

শাক-পাচলিৰ বাৰীৰ কাষে কাষে ৰুৱ পাৰি অমিতা গছ। কাৰণ অমিতা গছেও অন্যান্য শাক-পাচলিসমূহৰ ক্ষতিসাধন নকৰে। তদুপৰি কল, অনৰাস আদিৰ খেতিও শাক-পাচলীৰ বাৰীৰ আশে-পাশে ৰোপন কৰিব পাৰে কৃষকসকলে।

লগতে পঢ়ক- ঘৰতে খাবলৈ আপুনিও কৰিব পাৰে এই কেইবিধ খেতি

English Summary: garden of vegetables
Published on: 13 September 2022, 05:03 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now