অসমত তামোলৰ উৎপাদন যিকেইটা প্ৰধান কাৰণত হ্ৰাস পাই আহিছে তাৰ ভিতৰত ‘গেনোডাৰমা’ বা ‘এনাবেৰোগা’ নামৰ বেমাৰবিধৰ প্ৰাদুৰ্ভাৱ অন্যতম। গতিকে কৃষকসকলে এই ৰোগৰ বিষয়ে জনাতো অত্যন্ত জৰুৰী। কৃষকসকলৰ এই সমস্যাটো প্ৰতি লক্ষ্য ৰাখি এই আলোচনাত পাৰিজান কানন বৈশ্যৰ লেখাটো এই প্ৰৱন্ধত তুলি ধৰিলো।
এই বেমাৰ লক্ষণসমূহ
ক) আক্ৰান্ত গছৰ মুকুটত থকা বাহিৰৰ চক্ৰৰ বয়সস্থ পাতৰ ৰং ক্ৰমাৎ হালধীয়া হ’বলৈ ধৰে। পিচলৈ ভিতৰৰ চক্ৰৰ পাতৰ ৰঙো হালধীয়া হৈ পৰে।
খ) আক্ৰান্ত পাতবোৰ ক্ৰমাৎ শুকাই হালি পৰে আৰু গছডালত ওলমি থাকে।
গ) আক্ৰান্ত তামোল গছৰ গুৰি অংশত কেতিয়াবা মুগা বৰণৰ দাগ দেখা যায়। এনে দাগৰ পৰা এঠাযুক্ত ৰস নিৰ্গত হয়।
ঘ) আক্ৰান্ত শিপাৰ ৰং কলা হৈ শুকাই যায় আৰু হাতেৰে পিহি গুড়ি কৰিব পৰা হয়।
ঙ) বেমাৰৰ চৰম অৱস্থাত অথবা গছজোপা মৰি যোৱাৰ পিছত গছজোপাৰ গুৰিত কমলা ৰঙৰ কাঠফুলা দেখিবলৈ পোৱা যায়।
লগতে পঢ়ক-
Kaji Nemu : কাজি নেমু আৰু ইয়াৰ কৃষি পদ্ধতি
কেনেকৈ নিয়ন্ত্ৰণ কৰিব এই বেমাৰ
১) আক্ৰান্ত গছৰ পৰা ৯০ ছেন্টিমিটাৰ দূৰত্বত ৬০ ছেন্টিমিটাৰ দ আৰু ১৫-২০ মিটাৰ বহল ঘূৰণীয়া নলা খান্দি গছডালক আন গছৰ পৰা পৃথক কৰি দিব লাগে যাতে ওচৰৰ নিৰোগী গছসমূহলৈ বীজাণু সংক্ৰমিত হোৱাত বাধা জন্মে।
২) শতকৰা ০.৩ ভাগ শক্তিযুক্ত (৩ মিলিমিটাৰ প্ৰতিলিটাৰ পানীত) কেলিক্সিন ঔষধৰ মিশ্ৰণ গছৰ গুৰিত ৯০ ছেন্টিমিটাৰ ব্যাসাৰ্দ্ধত গছে প্ৰতি ১০-১৫ লিটাৰকৈ তিনিমাহৰ মূৰত এবাৰকৈ প্ৰয়োগ কৰিব লাগে।
৩) আক্ৰমণৰ প্ৰাথমিক অৱস্থাত শতকৰা ১.৫ ভাগ শক্তিযুক্ত কেলিক্সিনৰ মিশ্ৰণ (১.৫ মিলিমিটাৰ প্ৰতিলিটাৰ পানীত) গছে প্ৰতি ১২৫ মিলিমিটাৰ তিনিমাহৰ মূৰে মূৰে আক্ৰান্ত গছৰ শিপাৰে গছৰ ভিতৰত প্ৰৱেশ কৰাই দিব লাগে। লগতে শতকৰা ৩ ভাগ শক্তিযুক্ত কেলিক্সিন ঔষধৰ মিশ্ৰণ ১০-১৫ লিটাৰকৈ প্ৰতিজোপা গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে।
৪) প্ৰতিজোপা গছতে অনুমোদিত পৰিমাণৰ ৰাসায়নিক সাৰ (২২০ গ্ৰাম ইউৰিয়া, ২৫০ গ্ৰাম একক চুপাৰ ফচফেট, ২৩০ গ্ৰাম মিউৰেট অৱ পটাচ), ১০-২০ কিলোগ্ৰাম পচন সাৰ, ২ কিলোগ্ৰাম নিমকেক আৰু ৫০ গ্ৰাম ট্ৰাইক’ডাৰমা জাতৰ ভেঁকুৰ বছৰত দুবাৰ (মাৰ্চ-এপ্ৰিল আৰু ছেপ্তেম্বৰ-অক্টোৱৰ) গছজোপাৰ চাৰিওফালে প্ৰয়োগ কৰিব লাগে।
৫) বাগিচাৰ পৰা অতিৰিক্ত পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। বাগিচাৰ পৰা অলাগতিয়াল বন-জংঘল আঁতৰাই পেলাব লাগে আৰু খৰালিকালত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। তামোলবাৰীত কোৰমৰা, হালবোৱা বা মাটি খন্দা আদি কাৰ্য্য যথসম্ভৱ কমকৈ কৰিব লাগে। আক্ৰান্ত গছ মৰি গ’লে শিপা সৈতে উভালি, জুইত পুৰি বেমাৰৰ বীজাণু ধ্বংস কৰিব লাগে। গছ উভালি দিয়াৰ পাছত খালী হোৱা গাঁতটোত জুই জ্বলাই দিব লাগে।
গেনোডাৰমা ৰোগ মাটিত থকা ভেঁকুৰৰ দ্বাৰা হোৱা বাবে ইয়াৰ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ সহজ নহয়। বেমাৰৰ আৰম্ভণিতে এইবিধ ৰোগ চিনাক্ত কৰাও জটিল। ওপৰত উল্লেখ কৰা নিয়ন্ত্ৰণ ব্যৱস্থাৰ লগতে উপযুক্ত প্ৰতিপালন ব্যৱস্থা গ্ৰহণ কৰিলে অসমত দেখা দিয়া তামোল গছৰ এই গেনোডাৰমা ৰোগৰ প্ৰকোপ বহু পৰিমাণে কমাব পৰা যাব।
লেখক- পাৰিজান কানন বৈশ্য
লগতে পঢ়ক-
বান্দৰৰ পৰা একো কৰিব নোৱৰা অঞ্চলতো কৰিব পাৰিব ৪ বিধ খেতি