আজি সমগ্ৰ দেশৰ লগতে বিশ্ববাসীয়ে পালন কৰিছে মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধী আছিল এজন নেতা, ৰাজনীতিবিদ, দাৰ্শনিক, চিন্তাবিদ, লেখক, সমাজ সংস্কাৰক আৰু শিক্ষাবিদ যিয়ে সৰ্বসাধাৰণৰ সৈতে কাম কৰিছিল। গান্ধীজীৰ সাধাৰণ জীৱন আৰু উচ্চ চিন্তাধাৰাই অনুপ্ৰাণিত কৰিছিল ভাৰত আৰু বিদেশৰ লাখ লাখ মানুহক। দুখীয়া, নিপীড়িত, অস্পৃশ্য আৰু সমাজৰ শেষ মানুহজনৰ উত্থানৰ বাবেই উৎসৰ্গিত আছিল তেওঁৰ জীৱন।
সমগ্ৰ বিশ্বই ২ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস উদযাপন কৰে মহাপুৰুষজনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ। গান্ধীজীৰ বাবে স্বাধীনতাৰ অৰ্থ আছিল প্ৰতিজন ভাৰতীয়ৰ চকুৰপৰা প্ৰতি টোপাল চকুলো মচি পেলোৱা।তেওঁৰ দৃঢ় বিশ্বাস আছিল- ভাৰতৰ স্বকীয়তা চহৰবোৰত বা ৰাজপ্ৰসাদত নহয়, গাঁৱতহে আছে। গাঁও বিনষ্ট হ'লে ভাৰতো নোহোৱা হ'ব বুলি তেওঁ দৃঢ়তাৰে কৈছিল। গান্ধীজীয়ে লগতে কৈছিল যে ভাৰতলৈ প্ৰগতি আৰু সমৃদ্ধি অনাৰ একমাত্ৰ উপায় হ’ল গাঁওসমূহৰ উন্নত অৰ্থনীতি, উদ্যোগ আৰু দক্ষতা। গান্ধীজীৰ বাবে কৃষকসকল উন্নয়নৰ কেন্দ্ৰবিন্দু আৰু বহনক্ষম সামাজিক ব্যৱস্থাৰ বাহক। ভাৰতৰ জনসংখ্যাৰ অধিকাংশই কৃষক আৰু তেওঁলোক দেশৰ মেৰুদণ্ড। অধিকাংশ ভাৰতীয়ই কৃষিৰ ওপৰত নিৰ্ভৰশীল।
নিৰ্ভৰশীল।গৰু পালন, দুগ্ধপালন, হাঁহ-কুকুৰা আৰু গাহৰি পালন আদি বৃত্তিতো তেওঁলোক নিয়োজিত। গান্ধীজীয়ে সমবায় কৃষিৰ পৰামৰ্শ দিছিল, যাৰ ফলত শ্ৰম ৰাহি হ’ব। মূলধন আৰু সঁজুলিৰ সহায়ত সকলো প্ৰাপ্তবয়স্ক গাঁৱৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিলে উৎপাদন আৰু বৃদ্ধি কৰিব পৰা যাব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ কৈছিল, ‘আমি ভূমিৰ অধিক খণ্ডিতকৰণ ৰোধ কৰাৰ চেষ্টা কৰিব লাগিব আৰু মানুহক সমবায় কৃষিৰ প্ৰতি উৎসাহী কৰিব লাগিব।‘
তেওঁৰ মতে, এখন গাঁৱৰ কৃষিৰ পৰিকল্পনা কৰিব লাগে এনেদৰে যাতে প্ৰতিখন গাঁও খাদ্যৰ ক্ষেত্ৰত স্বাৱলম্বী হয়। সমাজকৰ্মীসকলক গাঁওসমূহত ফলপ্ৰসূ সেৱা আগবঢ়াবলৈ গান্ধীজীয়ে জোৰ দিছিল। ইয়াৰ বাবে সমাজকৰ্মীসকলে কৃষিৰ বিষয়ে পৰ্যাপ্ত তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব লাগিব বুলিও তেওঁ কৈছিল। এক কথাত ভাৰতীয় কৃষিক লাভজনক, আত্মনিৰ্ভৰশীল, বহনক্ষম আৰু প্ৰকৃতি অনুকূল কৰি তোলাৰ এক উন্নত সপোন আছিল মহাত্মা গান্ধীৰ।কৃষকৰ ভূমিৰ অধিকাৰ লৈয়ো সৰৱ আছিল গান্ধীজী। তেওঁ কৈছিল- ‘কৃষকসকল নিজেই ভূমিৰ মালিক, তেওঁলোকে চৰকাৰক কিয় ভয় কৰিব লাগে?’
গান্ধীজীয়ে কৈছিল, কৃষকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই পৃথিৱীখন সুজলা সুফলা আৰু সমৃদ্ধিশালী হৈছে। সেয়েহে, ভূমিৰ অধিকাৰ কৃষকৰ হ’ব লাগে, মাটিখিনিৰে জীৱন নিৰ্বাহ কৰা মালিকসকলৰ নহয়। কিন্তু অহিংস পদ্ধতিত শ্ৰমিক কৃষকে জোৰকৈ এই মাটি মালিকৰ পৰা কাঢ়ি নিব নোৱাৰে। তেওঁলোকে এনেদৰে কাম কৰিব লাগে যাতে মালিকে তেওঁলোকক শোষণ কৰাটো অসম্ভৱ হৈ পৰে। কৃষকৰ বাবে নিজৰ মাজত ঘনিষ্ঠ সহযোগিতা থকাটো অপৰিহাৰ্য বুলি গান্ধীজীয়ে কৈ গৈছিল। ইয়াৰ বাবে কমিটী গঠন কৰি কৃষকসকলক একত্ৰিত হৈ থাকিবলৈ তেওঁ পৰামৰ্শ দিছিল।
লগতে পঢ়ক- আজি মহাসপ্তমীঃ পূজা মণ্ডপত প্ৰতিফলিত হ’ব কৃষি আৰু কৃষকৰ বিৱৰ্তন