1. News

লাভলীনাৰ টুইটৰ পিছতে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ ব্যৱস্থা গ্ৰহণ

KJ Staff
KJ Staff
লাভলীনাৰ টুইট
লাভলীনাৰ টুইট

সোমবাৰে লাভলীনা বৰগোহাঁইৰ এটা বিস্ফোৰক টুইটে দেশজুৰি খলকনিৰ সৃষ্টি কৰিছে৷ টুইটোত লাভলীনাই তেওঁক বক্সিং ফেডাৰেছনে পদে পদে হাৰাশাস্তি কৰি অহাৰ অভিযোগ তুলিছে৷ লাভলীনাই বৰগোঁহাইয়ে টুইটোত কয়- ‘’মোক পদে পদে বহুত হাৰাশাস্তি কৰি অহা হৈছে । অলিম্পিকৰ মেডেল পোৱাত সহায় কৰা দুয়োগৰাকী প্ৰশিক্ষককে বাৰে বাৰে সলনি কৰি হাৰশাস্তিত পেলাই আহিছে বক্সিং ফেডাৰেছনে।‘’

লগতে লাভলীনাই কয়, ‘‘মই বক্সিং ফেডাৰেছনৰ কৰ্তৃপক্ষক অনুৰোধ কৰাৰ পাছতো মোৰ প্ৰশিক্ষক দুজনক মোক প্ৰশিক্ষণৰ বাবে দায়িত্ব প্ৰদান কৰা নাই ৷ ফলত মোৰ প্ৰশিক্ষণতো বিৰূপ প্ৰভাৱ পৰিছে৷ এইবোৰ কাৰণৰ ফলত মই মানসিকভাৱে ভাগি পৰিছোঁ ৷ যাৰববাবে World championships ত মোৰ প্ৰদৰ্শন ভাল হোৱা নাছিল। কিন্তু এইবাৰ মই  কমলৱেলথ গোমছৰ পূৰ্বে ৰাজনীতিত পৰি মোৰ প্ৰদৰ্শন বেয়া কৰিব বিচৰা নাই” এই বুলি উল্লেখ কৰি লাভলীনাই লগতে টুইটোত কয় যে তেওঁৰ লগত ৰাজনীতি কৰি অহা হৈছে।

ইফালে লাভলীনাৰ টুইটৰ পাছতে ঘটনা সন্দৰ্ভত লাভলীনাৰ পিতৃৰ কাষ চাপিছিল সাংবাদিক।ঘটনা সন্দৰ্ভত টিকেন বৰগোহাঁয়ে কয় যে এই সন্দৰ্ভত বিশেষ নাজানে, লাভলীনাই তেওঁলোকক ব্যক্তিগতভাৱে একো জনোৱা নাই। যি গম পাইছে সাংবাদিৰ মুখেৰে গম পাইছে। তেওঁ লগতে কয় যে লাভলীনাৰ লগত যদি ৰাজনীতি হৈছে সেয়া খুৱ বেয়া কথা। খেলত ৰাজনীতি থাকে কিন্তু এনে ৰাজনীতিয়ে খেল আৰু খেলুৱৈসকলক পিছুৱাই আনে। কাৰণ এনে ৰাজনীতিয়ে খেলুৱৈসকলৰ মন ভাঙি পেলায়।

POLITICS LOGO
POLITICS LOGO

উল্লেখ্য যে লাভলীনাৰ এই টুইটোৰ পাছতেই দেশৰ ক্ৰীড়াজগতত খলকলিৰ সৃষ্টি হয়। লগতে বক্সিং ফেডাৰেশ্যনৰ প্ৰকৃত স্বৰূপটো পোহৰলৈ আহে। লগে লগে ঘটনা সন্দৰ্ভত বক্সিং ফেডাৰেছনৰ বিৰুদ্ধে উচিত তদন্তৰ নিৰ্দেশ দি দেশৰ ক্রীড়া আৰু যুৱ পৰিক্রমা বিভাগে ব্যৱস্থা গ্রহণৰ আশ্বাস প্ৰদান কৰিছে লাভলীনাক। লগতে লাভলীনাৰ বাবে কমনৱেলথ গেমছত প্রশিক্ষকৰ ব্যৱস্থাৰো নিৰ্দেশ প্ৰদান কৰিছে।

লগতে পঢ়ক- দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত দ্ৰৌপাদি মুৰ্মুৰ

English Summary: GAME POLTICS WITH LOVELINA

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.