
ফেডাৰেচন অফ চিড ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়া (FSII) হৈছে আৰ এণ্ড ডি আধাৰিত উদ্ভিদ বিজ্ঞান উদ্যোগৰ এক সংগঠিত প্ৰতিষ্ঠান, যি ভাৰতত খাদ্য, খাদ্য আৰু আঁহৰ বাবে উচ্চ প্ৰদৰ্শন মানদণ্ডৰ বীজ উৎপাদনত নিয়োজিত। বৃহস্পতিবাৰে দিল্লীস্হিত এনএএচচি (NASC Complex) ৰ ICAR লেকচাৰ হলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ফেডাৰেচন অফ চিড ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়াৰ ৬তম সাধাৰণ অধিবেশন।
ফেডাৰেচন অফ চিড ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়াৰ চেয়াৰমেন ড০ এম ৰামাস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্হিত থাকে ড০ পি কে সিং, কৃষি আয়ুক্ত, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ডা০ হিমাংশু পাঠক, চেক্ৰেটেৰী ডেয়াৰ আৰু ডিজি-আইচিএআৰ, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ডা০ অৰবিন্দ কাপুৰ, এমডি, একচেন হাইভেগ প্ৰাইভেট লিমিটেড,এফ.এছ.আই.আই.ৰ উপাধ্যক্ষ।

অনুষ্ঠাত কৃষি খণ্ডৰ লগত জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ দিশবোৰ পৰ্যালোচনা কৰা হয়। উচ্চ প্ৰদৰ্শন মানদণ্ডৰ বীজ, আধুনিক কৃষি প্ৰযুত্তি আৰু ভাৰতীয়ৰ কৃষকৰ গ্ৰহণযোগ্যতা, ড্ৰোণ প্ৰযুক্তিৰ ব্যবহাৰেৰে কৃষি কাৰ্য্য, বৈশ্বিক প্ৰেক্ষাপতত ভাৰতীয় কৃষিৰ স্হান আৰু গ্ৰহণীয়তা, জনসংখ্যা বৃদ্ধি আৰু খাদ্য শস্যৰ প্ৰয়োজনীয়াত, স্মাৰ্ট আৰু বহনক্ষম উৎপাদন আদিকে সামৰি আন ভালেমান দিশ আলোচনা কৰা হয়। ভাষণ প্ৰসংগত চেক্ৰেটেৰী ডেয়াৰ আৰু ডিজি-আইচিএআৰ হিমাংশু পাঠকে কয় কৃষিত ড্ৰোণ প্ৰযুক্তি ব্যৱহাৰ প্ৰশংসনীয়, কিন্ত কৃষকে ইয়াক গ্ৰহণ কৰিব লাগিব আৰু ক্ৰমান্বয়ে আমি ইয়াক আগবঢ়াই লৈ যাব লাগিব।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় কৃষি অৰ্থনীতি আৰু বাণিজ্যৰ প্ৰচাৰৰ বাবে নীতিৰ ওপৰত পেনেল আলোচনা। অধিৱেশনৰ বিশিষ্ট বক্তাসকলে কৃষি নীতিয়ে উচ্চ অৰ্থনৈতিক বিকাশ প্ৰাপ্ত কৰা, কৃষকৰ উপাৰ্জন বৃদ্ধি, যোগান শৃংখলা শক্তিশালী কৰাত কেনেদৰে কৃষি ৰপ্তানিৰ প্ৰচাৰ কৰিব পাৰে সেই দিশত আলোচনা কৰে। আলোচনাত বিশেষভাৱে মাহজাতীয় শস্য আৰু তৈলবীজ, স্মাৰ্ট আৰু বহনক্ষম উৎপাদন, খাদ্য আৰু পুষ্টি সুৰক্ষাৰ বাবে শস্য বিবিধকৰণৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়া হয়।

এফ.এছ.আই.আই.ৰ ডাইৰেক্টৰ জেনেৰেন ৰাম কুণ্ডনিয়াই আঁত এই আলোচনাত পেনেলিষ্ট হিচাপে উপস্হিত থাকে ডা০ পি কে সিং, কৃষি আয়ুক্ত, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, মিঃ মাৰিয়ানো বেহেৰান মন্ত্ৰী কৃষি এটাচি, আৰ্জেণ্টিনা, মিঃ মাইকেল কেলাৰ, চেক্ৰেটেৰী জেনেৰেল, ইণ্টাৰনেচনেল চিড ফেডাৰেচন, ডা০ চিয়াং হি টেন কাৰ্যবাহী সঞ্চালক, ক্ৰপলাইফ এছিয়া, মিঃ সন্তোষ আত্তাভাৰ, অধ্যক্ষ আৰু এমডি, ইণ্ডো আমেৰিকান হাইব্ৰিড চিডছ উপাধ্যক্ষ, আইএছএফ।
দিনৰ প্ৰায় ১২:৪৫ বজাত অনু্ষ্ঠিত হয় বীজ নীতি, স্বাস্থ্য আৰু অনুসৰণ যোগ্যতাৰ ওপৰত পেনেল আলোচনা। অধিৱেশনৰ বিশিষ্ট পেনেললিষ্ট সকলে বীজ বিধেয়কৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰ। উৎপাদনশীলতাৰ ওপৰত উদ্ভাৱনৰ প্ৰভাৱ, বীজ খণ্ডত বিনিয়োগ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষকৈ বীজ ৰপ্তানিৰ ওপৰত গুৰুত্ব, বীজ স্বাস্থ্য পৰীক্ষাৰ বাবে আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি আৰু মসৃণ বীজ চলাচলৰ বাবে বিশ্বব্যাপী ফাইটোচেনিটাৰী সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ আদি বিষয়ক সামৰি লয়।

ৰাজবীৰ ৰাঠী মুৰব্বী, পাবলিক এফেয়াৰচ, বিজ্ঞান আৰু স্থিৰতা, আই.বি.এছ.এল. বেয়াৰ ক্ৰপ চাইন্স লিমিটেড, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া যুটীয়া সচিব অচৱানী কুমাৰে আগবঢ়াই লৈ যোৱা এই অনুষ্ঠানটোত পেনেলিষ্ট হিচাপে উপস্হিত থাকে ডা০ কে কেশভুলুসঞ্চালক আৰু এমডি, টিএছএছওচিএ আৰু এছডিচি, সভাপতি, আন্তৰ্জাতিক বীজ পৰীক্ষা সংস্থা, মাইকেল কেলাৰ চেক্ৰেটেৰী জেনাৰাল, ইণ্টাৰনেচনেল চিড ফেডাৰেচন, অজয় ৰাণা এমডি আৰু চিইঅ', চাভানা চিডচ, মিঃ গুব্বা কিৰণ, চিইঅ', গুব্বা কোল্ড ষ্টোৰেজ প্ৰাইভেট লিমিটেড।

দিনৰ ৩:১৫ মিনিটৰ পৰা ৪:১৫ মিনিটলৈ অনুষ্ঠিত হয় প্ৰেজেনটেশ্যন। মাইকেল কেলাৰ চেক্ৰেটেৰী জেনাৰাল, ইণ্টাৰনেচনেল চিড ফেডাৰেচনে “আই.এছ.এফ.ৰ নতুন গাঁথনি আৰু বীজ উদ্যোগৰ সৈতে বাৰ্তালাপ” বিষয়ৰ ওপৰত উপস্থাপন কৰে। ইয়াৰ পিছ্তে ৰাষ্ট্ৰীয় কৃষি খাদ্য জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠানৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশ্বনী পাৰেক “খাদ্য আৰু পুষ্টি সুৰক্ষা নিশ্চিত কৰা: মেণ্ডেলৰ বংশানুক্ৰমিক কাৰকৰ পৰা জিন সম্পাদনালৈ” শীৰ্ষক বিষয়ত উপস্থাপন আগবঢ়াই।

অনুষ্ঠানত FSII ক সম্বোধন কৰি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া যুটীয়া সচিব অচৱানী কুমাৰে কয় যে বীজ স্বাস্থ্যৰ উন্নতি হৈছে ভাৰত চৰকাৰৰ মুখ্য কেন্দ্ৰবিন্দু। ভাৰত চৰকাৰৰ হৈ তেওঁ বীজ উদ্যোগক মানদণ্ডৰ বীজৰ প্ৰচাৰৰ বাবে আশ্বাস দিয়াৰ লগতে বীজ স্বাস্থ্য (Seed Health)ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আবেলি ৫ বজাত অচৱানী কুমাৰক আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানৰ পিছতে ফেডাৰেচন অফ চিড ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়াৰ সদস্যসকলৰ মাজত অনুষ্ঠিত হয় বাৰ্ষিক সাধাৰণ সভা (Annual General Meeting) । নিশা ৭-৯ বজালৈ ককটেইল আৰু নৈশ ভোজন পাৰ্টীৰে আনুষ্ঠানিক ভাৱে অধিবেশণৰ সফল সামৰণি পৰে।
Share your comments