1. News

আপোনাৰ বাৰীত নেমুটেঙাৰ গছ আছেনে? নাই যদি এজোপা ৰুৱক।

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Lemon Village
Lemon Village

আপোনাৰ বাৰীত নেমুটেঙাৰ গছ আছেনে?  নাই যদি এজোপা ৰুৱক। স্বাস্থ্যৰ অসমৰ নেমু কিমান লাভদায়ক এতিয়া বিশ্বই বুজি পাইছে। শেহতীয়াকৈ ভূটান, মধ্যপ্রাচ্য, লণ্ডন আৰু ইউৰোপৰ বজাৰতো ভোট জলকীয়া, জহা চাউল, ক'লা চাউল, মুগা চাউল, আদা, ৰঙালাও, কঁঠাল, লিচু, হালধি, পাণ, বাচমতি চাউলৰ লগতে নেমুৱেও স্থান পাইছে।

এই নেমুটেঙাৰ বাবে চৰ্চাত আছে ডিব্ৰুগড় জিলাৰ এখন গাঁও। ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত অৱস্থিত  চেলেং চুক গাঁও নামৰ এই গাঁওখন। নেমুৰ বাবে জনাজাত এই গাঁওখনত প্ৰচুৰ পৰিমাণে গোলনেমুও পোৱা যায়। এই গাঁওখনৰ কৃষকসকলৰ দ্বাৰা উতপাদিত নেমুটেঙাই বিদেশী বজাৰত যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে এই গাঁৱৰ নেমুৰ ডুবাই আৰু লণ্ডনলৈ ৰপ্তানি কৰিছে।

লগতে পঢ়ক- মাটি নহ’লেও ঘৰতে পাতিব পাৰিব ওলোমা বাগিছা

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু কৃষি বিভাগে বৃহৎ পৰিমাণৰ নেমু উৎপাদন বৃদ্ধি কৰাৰ বাবে চেলেং চুকক এক আদৰ্শ নেমু গাওঁ হিচাপে বিকশিত কৰাৰ সিদ্ধান্ত লৈছে। গাওঁখনত ১০,০০০ নেমু গছৰ গছপুলি ৰোপণ কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে জিলা প্ৰশাসনে।

এই কাৰ্যসূচী যদি ডিব্ৰুগড় জিলা প্ৰশাসনে দিয়া প্ৰতিশ্ৰুতিৰ দৰেই হয় হৈ উঠে তেতিয়া নেমু উৎপাদন আৰু বিক্ৰীৰ জৰিয়তে ১২৫টা পৰিয়ালক স্বাৱলম্বী হোৱাত সহায় কৰিব। চেলেং চুক বহু গাঁৱৰ  বাবে আদৰ্শ হৈ পৰিব।

লগতে পঢ়ক- বিশ্ব বজাৰত বাঢ়িছে অসমৰ কেতবোৰ কৃষিজাত সামগ্ৰীৰ চাহিদা

English Summary: lemon viilage

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.