1. News

সামৰণি পৰিল কাজিৰঙাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
চিন্তন শিবিৰ
চিন্তন শিবিৰ

সামৰণি পৰিল কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত "চিন্তন শিবিৰ"। অন্তিম দিনৰ কাৰ্যসূচীত "বিজ্ঞান আৰু প্ৰযুক্তি", "নগৰ আৰু গ্রাম্য উন্নয়ন", "কৃষি আৰু আনুষংগিক খণ্ড", উদ্যোগকে আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচিত হয়। মূলতঃ বিভিন্ন খণ্ডৰ বিকাশৰ বাবে ২০২৬ক লক্ষ্য হিচাপে লৈ প্ৰস্তুত কৰা পৰিকল্পনাসমূহ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলে উপস্থাপন কৰে।

ৰাজ্যৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাত মুখ্য ভূমিকা পালন কৰি আহিছে কৃষি আৰু আনুষংগিক খণ্ডই। তদুপৰি, ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ সৰ্বাধিক অংশই আহে কৃষি আৰু আনুষংগিক খণ্ডৰপৰা। এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই কয়- ‘এই কাৰ্যসূচীত উপস্থাপিত পৰিকল্পনাসমূহে অনাগত সময়ত এই খণ্ডক অধিক গতিশীল কৰাৰ লগতে ৰাজ্যৰ বিকাশৰ দিশত ই এক নতুন মাত্ৰা প্ৰদান কৰিব।’

কাৰ্যসূচীত হিমন্ত বিশ্ব শৰ্মায়ো ২০২৬ চনৰ ভিতৰত আমাৰ ৰাজ্যখনক প্ৰতিটো খণ্ডৰ সৰ্বাংগীণ বিকাশৰ জৰিয়তে কেনেদৰে উন্নত তথা শক্তিশালী হিচাপে গঢ়ি তুলিব পৰা যাব, সেই সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথা মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়ায়।

লগতে কৃষিমন্ত্ৰীগৰাকীয়ে কয়- ‘আমি নিশ্চিত যে, "চিন্তন শিবিৰ"ত উপস্থাপন হোৱা বিভিন্ন বিভাগৰ ৰূপৰেখাই আগন্তুক সময়ত অসমক দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনক বাস্তৱায়িত কৰাত অৰিহণা যোগাব।’

লগতে পঢ়ক- আগন্তুক উৎসৱসমূহত ভোকেল ফৰ লোকেলত গুৰুত্ব দিবলৈ আহ্বান মোডীৰ

English Summary: Finish the cjintan shibir

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.