1. News

পীযুষ হাজৰিকাৰ নিৰ্দেশত ডিমৌত অভিযন্ত্ৰাসহ ৬ জনক নিলম্বণ

KJ Staff
KJ Staff

শেহতীয়া খৰাং পৰিস্থিতিয়ে ৰাজ্যৰ জলসিঞ্চন বিভাগৰ ফোঁপোলাস্বৰূপটো পোহৰলৈ অনাৰ পাছতে এতিয়া গা-লৰিছে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী-বিষয়াৰ। আৰু টোপনি নাইকীয়া হৈছে ৰাজ্যৰ শ শ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীৰো। শেহতীয়াকৈ কামত গাফিলতিৰ অভিযোগত জলসম্পদ বিভাগৰ ডিমৌ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা , কনিষ্ঠ অভিযন্তা আৰু আন চাৰিৰ্জন কৰ্মচাৰীক নিলম্বণৰ নিৰ্দেশ দিছে মন্ত্ৰী পীযুষ বৰুৱাই।

শেহতীয়াকৈ শিৱসাগৰ জিলাৰ ডিমৌৰ লাইবিলত মথাউৰি মেৰামতিৰ কামত বালিৰ বেগৰ ভিতৰত সামান্য বালি আৰু তাৰ মাজত আন খালী বেগ ভৰাই কাম কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে বৈদ্যুতিন মাধ্যমৰ জৰিয়তে ইয়াৰ ভিডিঅ ’ প্ৰচাৰ হৈছিল । এই ভিডিঅ ’ জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাৰ দৃষ্টিগোচৰ হোৱাত মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে এই সম্পৰ্কত তদন্ত কৰি অভিযুক্ত অভিযন্তা কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা ল’বলৈ বিভাগীয় মুৰব্বী বিষয়াক নির্দেশনা প্রদান কৰিছিল ।

মন্ত্ৰীগৰাকীৰ নিৰ্দেশত বিভাগে প্রাথমিক অনুসন্ধানৰ অন্তত No. WR ( CON ) 2/2022/3 আৰু No. WR ( CON ) 2/2022/4 নং নির্দেশ অনুসৰি ডিমৌ জলসম্পদ উপ - সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীনেশ বুঢ়াগোহাঁই আৰু শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা তৰুণ সোণোৱালক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে । আনহাতে , বিভাগীয় এক নির্দেশ অনুসৰি No. WR ( CON ) 2/2022/5 নং নিৰ্দেশত শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ উপ - অভিযন্তা থানুৰাম বৰগোহাঁই , শাখা সহায়ক ধ্ৰুৱজ্যোতি চেতিয়া , খালাচীদ্বয় ক্রমে অতুল গগৈ আৰু মাণিক কোঁৱৰক কামত গাফিলতি আৰু অৱহেলাৰ অভিযোগত নিলম্বিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

চৰকাৰী নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি বৈদ্যুতিন মাধ্যমত বিভাগীয় মথাউৰিৰ মেৰামতিৰ কামত এনেদৰে গাফিলতিৰ অভিযোগে চাকৰি বিধি ভংগ কৰাৰ লগতে বিভাগৰ ভাবমূৰ্তি সমাজৰ ওচৰত হেয় কৰাত এই কামৰ তদাৰকত থকা অভিযন্তা আৰু কৰ্মচাৰীসকলক নিলম্বিত কৰা হৈছে । আনহাতে , এই কামৰ দায়িত্ব পোৱা ঠিকাদাৰ ৰাতুল শৰ্মাক ব্লেকলিষ্টেড কৰিবৰ বাবে ব্যৱস্থা ল’বলৈও মুখ্য অভিযন্তাক বিভাগীয় নির্দেশনা প্রদান কৰা হৈছে ।

লগতে পঢ়ক- লিত বৰ্ষৰ বান-খৰাং পৰিস্থিতিয়ে ৰাজ্যৰ ৫ জিলাৰ কৃষকলৈ আনিব হুমনিয়াহ

English Summary: Suspension 6 officer of dimo Irrigation department by Piyus Hazarika

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.