1. News

মাছ পালনেৰে স্বচ্ছল জীৱন-যাপন ধেমাজিৰ বাবা চমুৱাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Fish Farming in Naruathan
Fish Farming in Naruathan

সফলতাৰ উদ্দেশ্যে গতানুগতিক কামসমূহ সুপৰিকল্পিত আৰু কৌশলগতভাৱে কৰিলে নিশ্চয় এদিন সফলতা লাভ কৰিব পাৰি ৷ ইয়াৰে এক নিৰ্দশন দাঙি ধৰিলে  ধেমাজি নৰোৱাথান পঞ্চায়তৰ অন্তৰ্গত পোৱাশইকীয়া গাৱঁৰ উদীয়মান যুৱক বাবা চমুৱাই ৷

পূৰ্বতে দিন হাজিৰা আৰু পিছলৈ মিস্ত্ৰী হিচাপে কাম কৰা যুৱকজনে নিজৰ উপাৰ্জনৰ ধন সমূহ একগোট কৰি বাৰ বিঘা মাটি কিনি তেওঁ মৎস্য পালন কৰাৰ বাবে  মনোনিৱেশ কৰিলে ৷ বাৰ বিঘা জোৰা মাটিৰ দুটা পুখুৰীত ৰৌ , মিৰিকা , চন্দা , বাহু , শাল - শ’ল , চিতল , কান্ধুলী গ্ৰাছকাৰ্প , কমনকাৰ্প আদি বিভিন্ন ধৰণৰ মাছৰ লগতে বিভিন্ন প্ৰজাতিৰ থলুৱা মাছো পুখুৰীত আছে ৷ ইয়াৰোপৰি পুখুৰী দুটাৰ পাৰে আছে নানান ধৰণৰ কলৰ প্ৰজাতি আৰু লগত আছে এখন সুন্দৰ তামোল - পানৰ বাৰী ৷

লগতে পঢ়ক-

অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

জিলাখনত কোনো ধৰণৰ বৃহৎ উদ্যোগ কিম্বা বৃহৎ প্রতিষ্ঠান নথকাৰ ফলত  নিবনুৱা সমস্যাই দিনক দিনে বৃদ্ধি পাই আহিছে ৷ যাৰ ফলত ধেমাজি জিলাখনৰ বহু যুৱক - যুৱতী বহিঃৰাজ্যলৈ ঢাপলি মেলিব লগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে ৷ কিন্তু ধেমাজি পোৱা শইকীয়া গাৱঁৰ থৰ্গেশ্বৰ ওৰফে বাবা চমুৱাই  দাঙি ধৰিলে কৰ্ম সংস্কৃতিৰ অন্য এক নিৰ্দশন ৷ যুৱকজনে বছৰত দুবাৰ অৰ্থাৎ মাঘ বিহু আৰু বহাগ বিহুত মাছ বিক্ৰী কৰাৰ লগতে তেওঁ নিজে মাছৰ পোনা উৎপাদন কৰে ৷

দহজন নিৱনুৱা যুৱকক তেওঁ কৰ্মসংস্থাপন দিয়াৰ কথা অৱগত কৰি বিভাগীয় ফালৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই বুলি উল্লেখ কৰে ৷ তেওঁ কয়, ‘আমি কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাতকৈ নিজৰ ঠাইতে কৰ্ম কৰিলে বেছি ফল লাভ কৰিব পাৰোঁ ৷ আজিৰ যুগত সময় হৈছে এক অমুল্য সম্পদ ৷’ শিক্ষিত নিৱনুৱা যুৱক - যুৱতী সকলে সময় নষ্ট নকৰি  নিজৰ থলুৱা মাটি ডৰাত কৃষি কর্মত নিয়োজিত হ’লে  অধিক উপকৃত হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক- 

নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল

English Summary: Fish Farming in Naruathan

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.