1. News

কিষাণ সন্মান সন্মিলন, ২০২২ৰ আজি অন্তিমটো দিন

KJ Staff
KJ Staff
Interaction of Startups with Minister of Agriculture
Interaction of Startups with Minister of Agriculture

নতুন দিল্লীৰ আইএআৰআইৰ পুচাত অনুষ্ঠিত হৈ থকা প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলন, ২০২২ৰ আজি দ্বিতীয়টো দিন। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্মিলনখন উদ্বোধন কৰি PM Kisan আঁচনিৰ অধীনত কৃষকসকললৈ ১৬,০০০ কোটি টকা মুকলি কৰে। সন্মিলনৰ লক্ষ্য হৈছে দেশৰ দেশৰ কৃষক আৰু ১৫০০ কৃষিৰ লগত জড়িত উদ্যোগক একত্ৰিত কৰা।

সন্মিলনত প্ৰায় ১ কোটিৰো অধিক কৃষকে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। লগতে ৭০০ কৃষি বিজ্ঞান কেন্দ্ৰ, ৭৫ খন আইচিএআৰ প্ৰতিষ্ঠান, ৭৫ খন ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, ৬০০ পিএম কিষাণ কেন্দ্ৰ ৫০,০০০ প্ৰাথমিক কৃষি সমবায় সমিতি আৰু 2 লাখ সামূহিক সেৱা কেন্দ্ৰৰ অংশগ্ৰহণ কৰে।

সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত লোকসভাৰ অধ্যক্ষ আৰু কৈলাশ চৌধুৰী উপস্থিত হৈ কৃষকসলক সম্বোধন কৰে। আৰু এগ্ৰি ষ্টাৰ্টআপ কনক্লেভ অংশগ্ৰহণ কৰে।

প্ৰায় ৩০০টা ষ্টাৰ্টআপে প্ৰথম দিনটোত সুশৃংখল কৃষি, শস্য চপোৱাৰ পিছত আৰু মূল্য সংযোজন সমাধান, আনুষঙ্গিক কৃষি খণ্ড, সম্পদৰ বাবে আৱৰ্জনা, ক্ষুদ্ৰ কৃষকসকলৰ বাবে যান্ত্ৰিককৰণ, যোগান শৃংখলা ব্যৱস্থাপনা আৰু কৃষি-লজিষ্টিক সম্পৰ্কীয় তেওঁলোকৰ উদ্ভাৱন প্ৰদৰ্শন কৰে। সন্মিলনখনত প্ৰায় ১৫০০ ষ্টাৰ্ট-আপে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। এই মঞ্চই ষ্টাৰ্টআপসমূহক কৃষক, এফপিঅ', কৃষি-বিশেষজ্ঞ আৰু কৰ্পোৰেট আদিৰ সৈতে বাৰ্তালাপ কৰাত সহায় কৰিব।

লগতে পঢ়ক- 

পিএম কিষানৰ দ্বাদশ কিস্তি নাই পোৱা যদি এই নম্বৰত ফোন কৰক

English Summary: Interaction of Startups with Minister of Agriculture

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.