Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 December, 2022 3:04 PM IST
Fifth day of the Hornbill Festival

নগাভূমিত এতিয়া উৎসৱৰ বতৰ। ১ ডিচেম্বৰৰ পৰা চলি আছে আৰু ১০ ডিচেম্বৰলৈ চলিব নগাসকল আৱেগ, স্বাভিমান হৰ্ণবিল মেলা। নগাসকলৰ এই আনন্দ উৎসৱৰ ভাগ-বতৰা লবলৈ নগাভূমিত ভৰি পৰিছে দেশী-বিদেশী পৰ্যটক। পৰ্যটকৰ আগমনেও নগাসকলৰ আনন্দ-উৎসৱত সোণত সুৱগা চৰায়।

প্ৰতিবছৰে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ ক’হিমা চহৰৰ পৰা ১২ কিমি দূৰত্বত অৱস্থিত নগা হেৰিটেজ গাওঁ কিছামাত এই উৎসৱ উদযাপন কৰে নগাসকলে। সকলো নগা ৰাইজে এই উৎসৱত অংশগ্ৰহণ কৰে। যাৰবাবে হৰ্ণবিল মেলাক নগাসকলে 'Festival of Festivals' আখ্যা দিয়া হয়। হৰ্ণবিল মেলা নগাসংস্কৃতিৰ এখন খোলা কিতাপ। কাৰণ এই উৎসৱৰ দৰ্শকসকলে নগা খাদ্য, সংগীত-নৃত্য আৰু ৰীতি-নীতিকে ধৰি নগা সংস্কৃতিক ওচৰৰ পৰা জনাৰ আৰু অভিজ্ঞতা লোৱাৰ এক সুযোগ লাভ কৰে৷ হৰ্ণবিল মেলাত জাকজমকাতৰে বিভিন্ন নৃত্য পৰিবেশন, নগা পাৰম্পৰিক খেল ধেমালি, নগা খাদ্যৰ পৰিবেশন ইত্যাদি হয়৷ তাৰোপৰি পৰম্পৰাগত নগা কলা যেনে- বিভিন্ন চিত্ৰ, কাঠৰ কাৰুকাৰ্য ইত্যাদিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়৷

Traditional Game in Hornbill Festival-2022

পূৰ্বৰ দৰে এইবাৰো নগালেণ্ডৰ ৰাজধানী কহিমাত উৎসৱৰ মধু আলোড়ন। ২৩ সংখ্যক হৰ্ণবিল উৎসৱক কেন্দ্ৰ কৰি কহিমা হৈ পৰিছে পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। ৰাজধানী কহিমাত  এই উৎসৱ উপলক্ষে অনুষ্ঠিত হৈছে নাইট কৰ্নিভেল, ফুলৰ প্ৰদৰ্শনী, নৃত্য  ফেশ্বন শ্ব’, মিছ নাগালেণ্ড সুন্দৰী প্ৰতিযোগীতা, পৰম্পৰাগত আৰ্চাৰী (traditional archery), নগা মল্লযুঁজ, পৰম্পৰাগত খেল-ধেমালি আৰু সংগীত অনুষ্ঠানসমূহ।

One of the musical nights at Hornbill Festival
Naga damsels at Hornbill Festival

উল্লেখ্য যে হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰ্য্যটন আৰু কলা আৰু সংস্কৃতি বিভাগে অনুষ্ঠিত কৰে৷ এই উৎসৱে নাগালেণ্ড ৰাজ্যৰ পৰ্য্যটনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু পৰ্য্যটকসকলক নগা কৃষ্টি আৰু সংস্কৃতিৰ বিষয়ে জনাৰ আৰু অভিজ্ঞতা লোৱাৰ সুবিধা দি আহিছে৷

English Summary: Fifth day of the Hornbill Festival
Published on: 05 December 2022, 03:03 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now