Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 March, 2023 5:18 PM IST
Yellow sticky traps & feroline trip

জিকা, ডাংবডি আদি লতাজাতীয় শাক-পাচলিৰ লগতে টেঙাজাতীয় ফলসমূহত বৰলীয়া মাখিয়ে বিন্ধি কৃষকসকলক প্ৰায়ে বিপদত পেলাই অহা দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ আছে এটা একেবাৰে সহজ উপায়। আপোনাৰ শাকনিবাৰীখনতো এই পদ্ধতি প্ৰয়োগ কৰি বৰলীয়া মাখিৰ উপদ্ৰৱৰ পৰা ফচলসমূহক ৰক্ষা কৰিব পাৰিব। এই পদ্ধতিত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ’ল-ফেৰ’মন ট্ৰিপ।

যিকোনো বীজ ভাণ্ডাৰতেই আপুনি দোকানীক ফেৰ’মন ট্ৰিপ লাগে বুলি ক’লেই আপোনাক দিব। পিছে এই ফেৰ’মিন ট্ৰিপ কি! কৃষকসকলে জানেনে!  ফেৰ’মিন ট্ৰিপৰ সুগন্ধই বৰলীয়া মাখিক মন্ত্ৰমুগ্ধ কৰে। অৰ্থাত প্ৰলোভিত কৰে। পেঁপাৰ মাতে সাপক মন্ত্ৰমুগ্ধ কৰাৰ দৰে ফেৰলিনৰ সুগন্ধই বৰলীয়া মাখিক বলীয়া কৰে। এতিয়া কওঁ কিদৰে বৰলীয়া মাখিক নিয়ন্ত্ৰণ কৰিব পাৰিব ফেৰলিন ট্ৰিপ প্ৰয়োগ কৰি।

১। এই পদ্ধতিৰ বাবে প্ৰয়োজন হ’ব এক লিটাৰৰ এটা ব্ৰয়াম।

২। সৰু লোহা এডোখৰ গৰম কৰি ব্ৰয়ামটোৰ ওপৰফালে কেইবাটাও বাট ফুটোৱাব।

৩। যাতে বাট কেইটাৰে বৰলীয়া মাখিবোৰ ব্ৰয়ামটোৰ ভিতৰলৈ সোমাই যাব পাৰে।

লগতে পঢ়ক- 

অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

৪। তাৰ পাছতে এক ইঞ্চিমান পানী ৰাখিব ব্ৰয়ামটোত।

৫। এতিয়া তাঁৰ বা ৰচি এডালত ফেৰলিনৰ টুকুৰাটো বান্ধিব। বান্ধোতে ফেৰলিন টুকুৰা হাতে স্পৰ্শ কৰাতকৈ পলিথিন দুটা হাতত মেৰিয়াই ল’ব।

৬। এতিয়া ব্ৰয়ামৰ মুখনিখন সলকাই ফেৰলিনৰ টুকুৰাটো ভিতৰত ভৰাই ওলোমাই ৰখাৰ ব্যৱস্থা কৰি মুখনি মাৰি দিয়ক।

৭। এতিয়া ব্ৰয়ামটো নি টেঙা বা লতাজাতীয় গছজোপাৰ আশে-পাশে ক’ৰবাত ওলোমাই দিয়ক। বছ সিমানেই।

উল্লেখ্য যে এবিঘা মাটিত সমদূৰত্ব প্ৰতি লক্ষ্য ৰাখি তিনিটা মান এনেকুৱা ফেৰলিনৰ ট্ৰিপ পাতিব লাগিব। এই পদ্ধতিৰে কৃষকসকলে ৮০ শতাংশ বৰলীয়া মাখি নিয়ন্ত্ৰণ কৰিব পাৰে।

Yellow sticky traps
Yellow sticky traps

 

তদুপৰি ওপৰৰ ফটোত দেখাৰ দৰেও আঠাৰ ফান্দ পাতি পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰি। কৃষকসকলক জনাও মাখি নিয়ন্ত্ৰণ কৰিব পাৰিলেহে পোক নিয়ন্ত্ৰণ কৰিব পাৰিব। কাৰণ মাখিৰ কণীৰ পৰাহে পোকৰ বংশ বিস্তাৰ হয়। আৰু এই পদ্ধতিসমূহ সম্পূৰ্ণ জৈৱিক। এইবোৰে শস্যত কোনো ক্ৰিয়া নকৰে। লগতে ই কম খৰচী আৰু সহজ। প্ৰতিজন কৃষকেই পদ্ধতি অৱলম্বণ কৰি শস্যখিনি পোক-পতংগ, মাখিৰ পৰা ৰক্ষা কৰিব পাৰে। 

লগতে পঢ়কে-

নেমু গছৰ ডাল ধৰা পদ্ধতি

English Summary: feroline trip benefit organic farming
Published on: 17 October 2022, 12:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now