
বুধবাৰে সামৰণি পৰিল খানাপাৰাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ' কাৰ্যসূচী। উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ তত্ত্বাৱধানত আৰু অসম কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰশিক্ষণ লানি।
খানাপাৰাস্থিত সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত চিৰাং, বাক্সা, কোকৰাঝাৰ, বৰপেটা আৰু ওদালগুৰি জিলাৰ পৰা নিৰ্বাচিত প্ৰাকৃতিক কৃষিত অগ্ৰণী ৪০ জন কৃষকে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক-
Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

'প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ' কাৰ্যসূচীৰ প্ৰথম দিনটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক খগেন্দ্ৰ শৰ্মা, ব্যৱসায়িক উন্নয়ন পৰিচালক আছিফ বিন কুতুব, জিলা উদ্যান শস্য সমন্বয়ক মিতালী বৰদলৈ আৰু প্ৰগতিশীল কৃষক জয়ন্ত মল্ল বুজৰবৰুৱা ।

আনহাতে প্ৰশিক্ষণৰ দ্বিতীয় দিনটোত প্ৰশিক্ষাৰ্থীসকলক সোণাপুৰস্থিত মুখ্য প্ৰশিক্ষক ধীৰেশ্বৰ তিৱাৰ কৃষি ফাৰ্ম 'ৰংডোলয়' ত প্ৰাকৃতিক কৃষি সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷
লগতে পঢ়ক-
Share your comments