1. News

ন্যূনতম সমৰ্থন মূল্যত ধান বিক্ৰী কৰিবলৈ নথি-পত্ৰৰ অভাৱত দিশহাৰা কৃষক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
নূন্যতম সমৰ্থন মূল্যত ধান বিক্ৰী কৰিবলৈ গৈ নথি-পত্ৰৰ অভাৱৰ বাবেই দিশহাৰা কৃষক
নূন্যতম সমৰ্থন মূল্যত ধান বিক্ৰী কৰিবলৈ গৈ নথি-পত্ৰৰ অভাৱৰ বাবেই দিশহাৰা কৃষক

টিভি, বাতৰিকাকতৰ বিজ্ঞাপনত, চৰকাৰী পৰ্টেলত  নন্যূতম সমৰ্থন মূল্যত চৰকাৰৰ ধান ক্ৰয় প্ৰক্ৰিয়া থিক মতেই চলি আছে। কিন্তু নূন্যতম সমৰ্থন মূল্যত ধান বিক্ৰী কৰিবলৈ গৈ নথি-পত্ৰৰ অভাৱৰ বাবেই দিশহাৰা হ'ব লগা হৈছে কৃষক সমাজ ।

আঘোণ পাৰ হৈ ফাগুণত সোমালে কিন্তু বৰ্তমানলৈ ৰাজ্যৰ ২৫,৩৫৯ জন কৃষকেহে চৰকাৰীভাৱে ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে । কৃষিপ্ৰধান ৰাজ্য অসমত লক্ষ লক্ষ কৃষকৰ ভিৰৰ মাজত কেৱল ২৫ হেজাৰ কৃষকে নূন্যতম সমৰ্থন মূল্যত ধান বিক্ৰী কৰিবলৈ সক্ষম হোৱাটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ থিয় দিছে। ইয়াৰ বিপৰীতে অসমৰ অধিকাংশ কৃষকে কিন্তু বেপাৰীকে কম মূল্যত ধান বিক্ৰি কৰি আহিছে।

লগতে পঢ়ক- 

এই পদ্ধতিৰে ধান খেতি কৰিলে তিনিগুণ লাভ হ’ব কৃষকজনৰ

নিয়ম অনুসৰি ধান বিক্ৰী কৰিবলৈ হ'লে প্ৰথমে সংশ্লিষ্ট কৃষকজনে নিজৰ নাম চৰকাৰী পোৰ্টেলত পঞ্জীয়ন কৰিব লাগিব । একদৰে আনৰ মাটিত খেতি কৰা সকলে মাটিৰ প্ৰয়োজনীয় নথি-পত্ৰ যোগাৰ কৰি যোগাযোগ কৰিব লাগিব গাওঁবুঢ়া অথবা চৰকাৰী অনুমোদিত বিষয়াৰ সৈতে । তদুপৰি বিগত বৰ্ষত নন্যূতম সমৰ্থন মূল্যত বহুকৃষকে ধান বিক্ৰি কৰি পইচাৰ বাবে তাঁত বাটি কাঢ়িবলগীয়া হোৱাৰ লগতে আদালতৰো কাষ চাপিবলগীয়া হৈছিল। এনে ভয়-শংকাৰ আঘত ৰাখিয়েই বহু কৃষকে কম মূল্যত ধান বিক্ৰি কৰি আহিছে বেপাৰীক।

লক্ষণীয়ভাৱে চৰকাৰে নিৰ্ধাৰণ কৰা এই জটিল প্ৰক্ৰিয়াৰ বাবেই লাখ লাখ কৃষকে চৰকাৰী প্ৰতিষ্ঠানক ধান বিক্ৰী নকৰি কম মূল্যতে কৃষকে বেপাৰীক ধান বিক্ৰি কৰিছে । চৰকাৰে মাজে সময়ে প্ৰচাৰ চলালেও আজিও কৃষক সকলে নাজানে কিদৰে পঞ্জীয়ন কৰে পোৰ্টেলত । ইফালে, অসমৰ অধিকাংশ কৃষকৰে নাই মাটিৰ নথি-পত্ৰ। যাৰবাবে বহু কৃষকে নন্যূতম সমৰ্থন মূল্যত আজিও ধান বিক্ৰি কৰিব পৰাই।

লগতে পঢ়ক- 

খানাপাৰত ‘প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ' কাৰ্যসূচীত ৪০ জৈৱিক কৃষকক প্ৰশিক্ষণ

English Summary: Minimum support price is failed in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.