 
    এৰী শিল্পত অফুৰন্ত উৎপাদনৰ বিচিত্রতাৰ স্থল আছে ।এৰী সূতাৰ লগত যিকোনো ধৰণৰ সুতা যেনে- পাট, মুগা, টচৰ, কপাহী, কৃত্রিম, ওল আদি মিহলাই বা ব্লেণ্ড কৰি কাপোৰ বনাব পাৰি । ইয়াত কৃত্রিম অথবা প্রাকৃতিক সকলো ধৰণৰ ৰং কৰিব পাৰি ।পিন্ধনত ব্যৱহিত বস্ত্রৰ ওপৰিও এৰী সূতা পৰ্দা, চকী কুচন, গাৰু, লেপ আদি নিৰ্মাণত ব্যৱহৃত হয় ।
 
    ইয়াৰ উপৰি বেগ, ফাইল কভাৰ, মানিবেগ আদি এৰী কাপোৰেৰে বনাব পৰা হৈছে । পৰম্পৰাগত এৰী চাদৰৰ উপৰি টাই, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, দখনা, কোট, জেকেট আদি নানা প্রকাৰৰ আটক ধুনীয়া বস্ত্র সামগ্রী এৰীৰ পৰা নিৰ্মাণ কৰা হৈছে।বড়োলেণ্ড ৰেচম বিভাগৰ দ্বাৰা এৰী শিল্পৰ যোগান্তৰকাৰী উন্নতি কৰা হৈছে । এৰী মোজা নিৰ্মাণ কৰা যন্ত্র স্থাপন কৰা হৈছে।
 
            নৱ-প্রজন্মৰ পছন্দ আৰু চাহিদাৰ ওপৰত লক্ষ্য ৰাখি টি চাৰ্ট, ডেনিম জিন্স জাতীয় বস্ত্র নিৰ্মাণত গুৰুত্ব দিয়া হৈছে । স্পান মিলত অতি মিহি উন্নত এৰী সূতা তৈয়াৰ কৰা হৈছে। এনেধৰণৰ স্পান মিল ছয়গাঁও, কোকৰাঝাৰ, ডিমৌত স্থাপন কৰা হৈছে। পাৰ্শ্বৱৰ্তী নাগালেণ্ড, মেঘালয়ত এৰী কাপোৰৰ বৈচিত্ৰময় বস্ত্ৰ উৎপাদন কৰা হৈছে ।
 
             
            সম্প্রতি ৰেচম শিল্পই চিকিৎসা বিজ্ঞান জগতখনত প্রৱেশ কৰিবলৈ সমৰ্থ হোৱা দেখা গৈছে । গুৱাহাটীৰ আই আই টিৰ বিজ্ঞানীয়ে আঘাতপ্রাপ্ত স্নায়ু অথবা নাৰ্ভ ৰেচমৰ দ্বাৰা নিৰ্মাণৰ সম্ভাবনাৰ যোগেদি যোগান্তৰ সৃষ্টি কৰিছে । যকৃতৰ চিকিৎসাৰ ক্ষেত্ৰতো গৱেষণা কৰা হৈছে। খাদ্যৰ ক্ষেত্রতো এৰীলেটাৰ বিভিন্ন সুস্বাদু ব্যঞ্জণ তথা আচাৰ তৈয়াৰ কৰি এৰী লেটাক এক জনপ্রিয় খাদ্য হিচাবে পৰিগণিত কৰাৰ লগতে ব্যৱসায়িক দিশত সফল কৰি তুলিছে ।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments