1. News

নিজৰাৰ দৰে স্বাভিমানী অসমীয়া বাবেই জীয়াই আছে এই প্ৰাচীনতম বস্ত্ৰশিল্প

PANKAJ KHANIKAR
PANKAJ KHANIKAR
নিজৰা গগৈ
নিজৰা গগৈ

গোলাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত মাতিখোলা পঞ্চায়তৰ ১ নং বৰজান গাঁৱৰ শিক্ষিত নিবনুৱা যুৱতী নিজৰা গগৈ য়ে চৰকাৰী কৰ্মসংস্থাপনৰ আশা এৰি উৎকৃষ্টমানৰ ৰেচমী কাপোৰ উৎপাদন আৰু পলু পালনক আত্মসংস্থাপনৰ পথ হিচাপে বাচি লৈছে ।

উল্লেখযোগ্য যে আহোম স্বৰ্গদেউ সকলৰ ছশবছৰীয়া গৌৰৱময় ৰাজত্ব কালছোৱাত  সৰ্বপ্ৰথম বস্ত্ৰশিল্পৰ ব্যাপক হাৰত উত্তৰণ ঘটিছিল কিন্তু ইংৰাজৰ শাসন কালত বিদেশী বস্ত্ৰৰ আৰু সূতাৰ  প্ৰচলন বৃদ্ধি কৰি অসমৰ থলুৱা বস্ত্ৰ উদ্যোগক বাৰুকৈয়ে মাধমাৰ শোধায়  ধ্বংস দিশে গতি কৰায় ।

লগতে পঢ়ক- 

এবিঘা মাটিত এৰাগছ বা কেছেৰু গছ ৰুলে কিদৰে লাভ কৰিব বছৰি ১ লাখ টকা

তথাপিও অসমীয়া ঐতিহ্যক ইংৰাজে ধ্বংস কৰিবলৈ সক্ষম নহ’ল । নিজৰা গগৈৰ দৰে হাজাৰ হাজাৰ যুৱক যুৱতী,  আমাৰ স্বাভিমানী অসমীয়া বাবে এই প্ৰাচীনতম বস্ত্ৰশিল্প জীয়াই আছে  ।  

চৰকাৰৰ ৰেচম বিভাগে আগ্ৰহী যুৱক যুৱতীসকলক সহায় সহযোগীতা অতিকৈ প্ৰয়োজনীয়।  নিজৰা গগৈ দৰে যুৱক যুৱতীসকলে আগবাঢ়ি অহাটো অসমৰ কৃষিক্ষেত্ৰৰ বাবে এক ইতিবাচক দিশ  । নিজৰা গগৈলৈ বহুতো শুভকামনা জ্ঞাপন কৰিলোঁ ।

লেখক- হেমেন গগৈ

লগতে পঢ়ক- 

‘১০ হাজাৰ চকৰীৰ নিৰোগী কণী বিক্ৰি ৫০ হাজাৰ টকালৈকে উপাৰ্জন কৰিব পাৰি’

English Summary: Erie and Erie industry potential

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.