1. News

কৃষিমেলাত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু শালিধানৰ বীজ বিতৰণ কৃষি বিভাগৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
District Agriculture Office, Morigaon
District Agriculture Office, Morigaon

মঙলবাৰে মৰিগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয় ICAR- DRMR-APARTৰ সৌজন্যেত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত কৃষক মেলা। কৃষকৰ উন্নতিয়েই দেশৰ প্ৰগতি এই নীতিকেই সাৰোগত কৰি জিলাখনৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰাৰ উদ্দেশ্য আয়োজন কৰা হয় এই কৃষক মেলাখনৰ।

কৃষকমেলাখনৰ প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই। জিলাখনৰ কৃষকসকলৰ বাবে বৃহৎ মঞ্চ হিচাপে পৰিগণিত হোৱা কৃষকমেলাখনে সামৰি লৈছে কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী, কাৰিকৰী বিষয় সম্পৰ্কীয় আলোচনা চক্ৰ, কৃষকৰ প্ৰশিক্ষণ আৰু কৃষি যন্ত্ৰ পাতিৰ বিতৰণ।

লগতে পঢ়ক- 

New Farming technique : নতুন কৃষি পদ্ধতিৰে খেতি কৰোঁ আহক

জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত কৃষক মেলাৰ সভাত জিলা খনৰ কৃষক উৎপাদক গোটৰ সদস্য আৰু কৃষক সকলৰ সৈতে মতবিনিময় অনুষ্ঠান আয়োজন কৰা হয়। কৃষক মেলাৰ লগত সংগতি ৰাখি RKVY 2022-23 আঁচনিৰ অধীনত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু NFSM, RKVY 2022-23 আঁচনিৰ অধীনত শালি ধানৰ বীজ বিতৰন কৰা হয়।

এদিনীয়াকৈ  অনুষ্ঠিত এই কৃষক মেলাৰ কাৰ্যসুচীত উপস্থিত থাকে কৃষি বিভাগৰ যুটীয়া সঞ্চালক মধুৰাম পাটিৰি, ড০ মুনীন্দ্ৰ শৰ্মা, ICAR-DRMRৰ মুখ্য বিজ্ঞানী ড০ অশোক কুমাৰ শৰ্মা, ড০ গিৰিন্দ্ৰ নাথ হাজৰিকা, জিলা মীন বিষয়া ভাস্কৰ নাথ, জিলা পশুপালন বিষয়া ড০ নীলোৎপল কাকতি, KVK মৰিগাঁৱৰ মু্খ্য বিজ্ঞানী ড০ ৰিজুস্মিতা শৰ্মাৰ লগতে জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকল।

লগতে পঢ়ক- 

আৰু বিশ্ব অভিলেষ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক

English Summary: Agriculture department distributed power tillers and paddy seeds in Morigaon

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.