1. News

Medicinal Plant Farming - ঔষধি উদ্ভিদৰ খেতি কৰি উপার্জন কৰক অধিক মুনাফা

RAHUL ALI
RAHUL ALI
medicinal plants
medicinal plants

বাৰিষা ওচৰ চাপি অহাৰ সময়ত কৃষকসকলে খৰিফ শস্য (Kharif Crop) খেতিৰ প্ৰতি বিশেষ মনোযোগ দিয়ে৷ বিভিন্ন ৰাজ্যত ধান, গোম, চয়াবিনকে ধৰি বিভিন্ন খেতি কৰা হয়৷ কিন্তু বাৰিষা ঔষধি গুণৰে সমৃদ্ধ গছৰ (Medical Plants) খেতি কৰি যে যথেষ্ট লাভ অর্জন কৰিব পাৰি এইকথা বহুতে নাজানিব পাৰে৷ বিশেষকৈ বৰষুণৰ বতৰত বহুতো ঔষধি গছ আছে, যিবোৰৰ খেতি কৰি অধিক মুনাফা পাব পাৰি৷ 

এই সন্দৰ্ভত সঠিক তথ্যৰ অভাৱৰ বাবে কথাখিনি বহুতৰ বাবে ৰহস্যময়। সেয়ে এই প্ৰতিবেদনত কিছুমান গছৰ বিষয়ে আলোচনা কৰা হৈছে, যি কৃষকসকলৰ বাবে লাভজনক হ'ব পাৰে। অৱশ্যে, সঠিক সময়ত, সঠিক ৰোপণ, জলসিঞ্চন, কীটনাশকৰ প্ৰয়োজন, অন্যথা ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে।

আৰু পঢ়ক- Eggs of the Sun Mango: বাংলাদেশত কৰা হৈছে বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি 'সূর্যডিম'

কৃষি পদ্ধতি:

শতমুলি -

শীতকালৰ বাহিৰে বছৰৰ যিকোনো সময়তে আপুনি এই গছজোপা খেতি কৰিব পাৰে৷ বৰষুণৰ বতৰত এই গছপুলি ৰোপণ কৰিলে সহজে বাঢ়িব পাৰে৷ অৱশ্যে বীজবোৰ সিঁচিবলৈ যোৱাৰ আগতে ১ দিনলৈকে কুহুমীয়া পানীত তিঁয়াই ৰাখিব লাগিব৷ 

অশ্বগন্ধা -

ইয়াক বাৰিষাকালত খেতি কৰা হয়৷ ইয়াৰ খেতি জুনৰ পৰা আগষ্টলৈকে হ'ব পাৰে৷ ইয়াৰ বিভিন্ন প্ৰকাৰআছে৷ উন্নতমানৰ গছৰ খেতিয়ে কৃষকৰ লাভ দুগুণ বৃদ্ধি কৰিব পাৰে৷ মন কৰিব যে ইয়াৰ প্ৰতি হেক্টৰত ৫ কিলোগ্ৰাম বীজৰ ব্যৱস্থা কৰিব লাগে৷ যদি কোনোবাই ১ হেক্টৰ মাটিত অশ্বগন্ধা খেতি কৰিব বিচাৰে, তেন্তে তেওঁ প্ৰায় ৫০০ বৰ্গমিটাৰৰ নাৰ্চাৰী নিৰ্মাণ কৰিব লাগিব। আৰু ১ ছেমি গভীৰতাত বীজ ৰোপন কৰিব লাগিব৷

যষ্টিমধু -

ইয়াক জুলাইৰ পৰা আগষ্টলৈ খেতি কৰা হয়। আৰু সেয়েহে কৃষকসকলে জুন মাহৰ পৰা ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। এই গছৰ খেতিৰ বাবে জলসিঞ্চন ব্যৱস্থা উচ্চ মানদণ্ডৰ হ'ব লাগিব। মনত ৰাখিব যে মাটিখিনি খেতি কৰাৰ আগতে কমেও 15 টন গোবৰসাৰ দিব লাগিব, তাৰ পিছত হে ইয়াৰ খেতি আৰম্ভ কৰিব লাগে।

এলো ভেৰা -

ভাল উৎপাদনৰ বাবে জলসিঞ্চন ব্যৱস্থা ঠিকমতে বজাই ৰাখিব লাগে৷ শীতকালৰ বাহিৰে যিকোনো সময়তে এনে ঔষধি গুণৰে সমৃদ্ধ গছৰ খেতি কৰিব পাৰি৷ বৰষুণৰ বতৰত দূৰত্ব ৰাখি বীজ ৰোপণ কৰিব লাগে৷ এইবোৰ কম সময়ৰ ভিতৰতে ই ব্যৱহাৰযোগ্য হৈ পৰে৷ 

অগ্নিশিখা বা কলিহাৰী -

কৃষকসকলে জুন মাহত ইয়াৰ খেতিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে৷ ভাল বৰষুণত জুলাই মাহত ইয়াৰ খেতি কৰিব পাৰি৷ মন কৰিব লাগিব যে ১ হেক্টৰ মাটিৰ বাবে প্ৰায় ১০ কুইন্টল কাণ্ডৰ প্ৰয়োজন৷ খেতিৰ আগতে মাটিত গোবৰ সাৰ প্ৰয়োগ কৰি মাটী প্ৰস্তুত কৰা প্রয়োজন৷ 

আৰু পঢ়ক- বছৰি ৪২ হাজাৰ টকা জমা হব কৃষকৰ একাউন্টত, ইয়াৰ বাবে কৃষকে এইসমূহ যোজনাত পঞ্জীয়ন কৰিব লাগিব

তুলসী (Tulsi) –

এই গছ অসমৰ গাঁৱে-ভূঞে যথেষ্ট পোৱা যায়। প্ৰায় মানুহৰ ঘৰে ঘৰে ইয়াৰ গছ দেখা পোৱা যায়৷ ইয়াৰ ঔষধি গুণাগুণ অতুলনীয়৷ ভাৰতত বিভিন্ন প্ৰজাতিৰ তুলসী পোৱা যায়৷ এই তুলসীত মেগনেছিয়াম, কেলচিয়াম, পটাছিয়াম, লো আৰু ভিটামিন C আদি মূল্যৱান উপাদান থাকে৷ এই প্ৰকাৰৰ তুলসী তেল মহ নিবাৰণ আৰু মেলেৰিয়াৰ ভেকছিন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ ৰাম তুলসী, বান তুলসী, কাপুৰ তুলসী আদি বিভিন্ন প্ৰজাতিৰ গছ আছে৷ ইয়াৰে প্ৰত্যেকৰে কিছুমান নিজাববীয়া ঔষধি গুণ আছে যাৰ বাবে এই গছৰ বর্তমান চাহিদা অপৰিসীম৷ 

যদিও সাধাৰণতে এপ্ৰিল-মে মাহত গছপুলি ৰোপণ কৰা হয়, গোটেই বছৰত তুলসী খেতি কৰিব পাৰি৷ ঘৰৰ খুব কম ঠাইতে গছ ৰোপণ কৰিব পাৰি৷ গছপুলি ৰোপণৰ 3 মাহ পিছত উৎপাদন আৰম্ভ হয়৷ ফুল ফুলা সময়ত শস্য সংগ্ৰহ কৰা হয়। এই গছটো সহজে ঘৰৰ ছাঁদত বা টাবত ৰোপণ কৰা সম্ভৱ।

নিম খেতি পদ্ধতি:

   নিম হৈছে এক অভূতপূৰ্ব ঔষধি উদ্ভিদ। নিম হৈছে চিৰসেউজ গছৰ এক চিৰস্থায়ী মধ্যম প্ৰকাৰ। আমাৰ দেশত বাৰিষাৰ আৰম্ভণিতে সাধাৰণতে জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত বীজ সংগ্ৰহ কৰা হয়। কিন্তু বীজবোৰ ইয়াৰ আগতে বা পিছতো সংগ্ৰহ কৰিব পাৰি। নিম গছৰ বাবে ভাল মাটিৰ প্রয়োজন। গছপুলি ৰোপণ কৰাৰ আগতে, ভাল ফলাফল পোৱাৰ বাবে প্ৰয়োজন অনুসৰি কাণ্ডটো কাটি দিব লাগে। 

আৰু পঢ়ক- কুকুৰা প্ৰতিপালনত হোৱা সমস্যা (Various Types of disease in Chiken Farming )

English Summary: earn a lot of money by cultivating medicinal plants

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.