1. এগ্ৰিপেডিয়া

কুকুৰা প্ৰতিপালনত হোৱা সমস্যা (Various Types of disease in Chiken Farming )

KJ Staff
KJ Staff
Livestock Farming  and it's disease
Livestock Farming  and it's disease

পনীয়া গোবৰ আৰু ভিজা লিটাৰ হ’লে কি কৰা উচিত-

ইয়াৰ মূল কাৰণ এটা বা ততোধিক হ’ব পাৰে। প্ৰথমে কাৰণসমূহ বিচাৰি লৈ তাৰ বিহিত ব্যৱস্থা কৰা উচিত।

দানা আৰু পানীত এণ্টিবায়’টিক তথা ককচিদিয়ষ্টেট্ ব্যৱহাৰ কৰা উচিত।

কোঠাৰ ভিতৰেৰে অধিক মাত্ৰাত বায়ু সঞ্চালনৰ ব্যৱস্থা কৰাৰ বাবে দৰ্কাৰ হ’লে অস্থায়ীভাৱে ফেন ব্যৱহাৰ কৰিব পাৰি।

লিটাৰ যদি ভিজিছে, তেনেহ’লে লিটাৰখিনি সঘনাই জেং-কোৰৰ সহায়ত তল-ওপৰ কৰি দিয়া উচিত যাতে লিটাৰত জমা হোৱা পানীৰ কণিকাসমূহ বতাহত মিলি যায়।

লিটাৰ শুকান কৰিবৰ বাবে চূণ বা চুপাৰ ফছফেট প্ৰতি ১০০ বৰ্গফুট এলেকাৰ বাবে সাত কিলো, লিটাৰৰ লগত মিহলাব লাগে। কিন্তু যদিহে লিটাৰখিনি সংশোধন কৰিব নোৱাৰাকৈ ভিজিছে তেনেহ’লে সেই লিটাৰ আঁতৰাই দি তাৰ ঠাইত নতুন লিটাৰ দিয়াৰ ব্যৱস্থা কৰা উচিত।

পনীয়া গোবৰ প্ৰতিৰোধৰ বাবে-

  1. পুৰণা ভেঁকুৰা দানা ব্যৱহাৰ কৰিব নালাগে।
  2. কুকুৰাজাকৰ বাবে সদায় শুদ্ধ পৰিষ্কাৰ নিৰ্মল পানী ব্যৱহাৰ কৰা উচিত। খাল, বিল আদিৰ পানী ব্যৱহাৰ কৰা উচিত নহয়। কুঁৱাৰ পানী ব্যৱহাৰ কৰিলে কুঁৱাত মাজে মাজে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিব লাগে।
  3. দানাত নিমখৰ পৰিমাণ জানি লোৱাটো ভাল। দানা নিজে বনালে নিমখ সঠিকভাৱে মিশ্ৰিত হৈছে নে নাই চোৱা উচিত।
  4. সঠিক বায়ু সঞ্চালন।
  5. দানাত ককচিদিয়ষ্টেট্ আৰু এণ্টিবায়’টিক ব্যৱহাৰ।
  6. কুকুৰাজাকক অনা-নিয়া কৰোতে সিহঁতৰ পনীয়া গোবৰ নহ’বলৈ দুদিন আগৰপৰা দানাত ট্ৰেংকুলাইজাৰ জাতীয় ঔষধ ব্যৱহাৰ কৰা উচিত।

উৎসঃ অসমীয়া খবৰ, ডাঃ কুল প্ৰসাদ কলিতা

English Summary: Various Types of disease in Chiken Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.