Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 December, 2022 11:53 AM IST
People in que

ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ সৃষ্টি কৰি দেশৰ বিভিন্ন খণ্ডত কাম কৰা লোকসকলক আৰ্থিকভাৱে সহায় কৰি আহিছে। যাতে ৰাইজ আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে। এই আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে চৰকাৰে সাধাৰণ লোকসকলৰ বাবে মুকলি কৰা ই-শ্ৰম আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে সৰ্বসাধাৰণক সহায় কৰা।

দেশৰ বহু শ্ৰমিক এই আঁচনিৰ দ্বাৰা লাখ লাখ টকা লাভ কৰি লাভান্বিত হৈছে। বাজেটৰ আগতে , বহুলোকে এই আঁচনিখনত ইতিমধ্যে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। এটা জৰীপত প্ৰকাশ পোৱা মতে এতিয়ালৈকে ২৮ কোটিতকৈও অধিক লোকে এই আঁচনিখনত নিজৰ নাম পঞ্জীয়ন কৰিছে। গতিকে এই বিষয়ে বিতংভাৱে জানি লওঁ আহক।

কোটি কোটি শ্ৰমিকৰ নাম পঞ্জীয়ন কৰা হৈছে

চৰকাৰে দিয়া তথ্য অনুসৰি এতিয়ালৈকে কোটি কোটি লোকে ই-শ্ৰম যোজনাৰ অধীনত নিজৰ নাম পঞ্জীয়ন কৰিছে। শ্ৰম মন্ত্ৰালয়ৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই তথ্য ইতিমধ্যে দিয়া হৈছে। টুইটটোত কোৱা হৈছে যে যদিহে আপুনি অসংগঠিত খণ্ডত কাম কৰি আছে, আপুনি ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰিব পাৰে আৰু ই-শ্ৰম কাৰ্ডৰ অধীনত অন্তৰ্ভুক্ত সুবিধাসমূহ লাভ কৰিব পাৰে।

লাখ টকা পৰ্যন্ত বীমা

প্ৰকৃততে এই আঁচনিত যোগদান কৰা শ্ৰমিকসকলক ৬০ বছৰ বয়সৰ পিছত পেঞ্চন হিচাপে প্ৰতি মাহে প্ৰায় ৩,০০০ টকা দিয়া হয়। তদুপৰি, এই আঁচনিৰ আঁৰত বহু বিশেষ পৰিকল্পনা আছে যি ব্যক্তি এজনক আৰ্থিকভাৱে যথেষ্ট সহায় কৰে। যদি কোনো কাৰণত এজন লোকে দৈহিক শ্ৰম কৰিব নোৱাৰে বা মৃত্যু বৰণ কৰে, তেন্তে তেওঁৰ বাবেও বীমা কৰা হয়। এই বীমাৰ পৰিমাণ ২ লাখ টকা পৰ্যন্ত হয়, কিন্তু মনত ৰাখিবলগীয়া যে এই ধনৰাশি কেৱল মৃত্যুৰ ক্ষেত্ৰতহে দিয়া হয়। এই আঁচনিৰ অধীনত এজন আংশিক ভাৱে বিকলাংগ ব্যক্তিক ১ লাখ টকা দিয়া হয়।

-শ্ৰম কাৰ্ডৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা

২০২১ চনত কেন্দ্ৰীয় চৰকাৰে ই-শ্ৰম কাৰ্ড আঁচনি আৰম্ভ কৰিছিল। যাৰ উদ্দেশ্য হৈছে অসংগঠিত খণ্ডত কাম কৰা শ্ৰমিকসকলক বিত্তীয় সুৰক্ষা প্ৰদান কৰা, যি এতিয়াও অব্যাহত আছে। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আপুনি নিম্নলিখিত বিষয়বোৰ মনত ৰাখিব লাগিব।

১. ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিবলৈ হ’লে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব।

প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৫৯ বছৰৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আবেদন কৰিব পাৰিব।

মনত ৰাখিবলগীয়া যে, কেৱল অসংগঠিত খণ্ডত কাম কৰা লোক, অৰ্থাৎ দেশৰ শ্ৰমিকসকলহে এই আঁচনিৰ বাবে যোগ্য।

লগতে পঢ়কঃ জিলাখনৰ ৮ লাখ মহিলালৈ অৰুণোদয় আৰু ঢকুৱাখনাৰ ১০ হাজাৰটা পৰিয়াললৈ নতুনকৈ ৰেচন কাৰ্ড

English Summary: E-Shram registration
Published on: 19 December 2022, 11:53 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now