1. News

এইবাৰ গুজৰাটৰ অটোচালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কেজৰিৱালৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অটো চালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ  কেজৰিৱালৰ
অটো চালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কেজৰিৱালৰ

সোমাবাৰে নিশা গুজৰাটৰ অটোচালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিলে কেজৰিৱালে। অটোত উঠি চালকজনৰ ঘৰলৈ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱা কেজৰিৱালক নিৰাপত্তাৰ কথা উল্লেখ কৰি অটোত ভ্ৰমণত বাধা দিয়ে গুজৰাট আৰক্ষীয়ে।যদিও পৰৱৰ্তী সময়ত তেওঁক অটো চালকৰ ঘৰলৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়ে।

উল্লেখ্য যে ঘাটলোডিয়া অঞ্চলৰ বাসিন্দা বিক্ৰম দান্তনি নামৰ এজন অটো-ৰিক্সা চালকে কেজৰিৱালক তেওঁৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ অনুৰোধ জনাই কেজৰিৱালক কৈছিল- "মই আপোনাৰ অনুৰাগী। মই ছ'চিয়েল মিডিয়াত দেখা এটা ভিডিঅ'ত, আপুনি পঞ্জাৱত এজন অটো চালকৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ গৈছিল। গতিকে, আপুনি মোৰ ঘৰলৈ ৰাতিৰ আহাৰখাবলৈ আহিব নেকি?" ইয়াৰ পিছতে অটো চালকজনৰ এই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গুজৰাট আৰক্ষীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈয়ো দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তৎক্ষণাৎ এনে নিমন্ত্ৰণ গ্ৰহণ কৰে।

 

উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আপৰ প্ৰচাৰৰ অংশ হিচাপে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ অহা কেজৰিৱালে আবেলি আহমেদাবাদত অটো-ৰিক্সা চালকসকলৰ এক সমাৱেশক সম্বোধন কৰে।

সেই সমাৱেশতে অটোচালকজনে তেওঁৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।

লগতে পঢ়ক- ভাৰত বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ- নৰেন্দ্ৰ মোডী

English Summary: Don't want security: Arvind Kejriwal in auto vs Gujarat cops on ...

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.