1. News

বাক্সাত নিজৰ স্বকীয় কৰ্মসংস্কৃতিৰে উজলিছে ৬ গৰাকী মহিলা

KJ Staff
KJ Staff
Vermicompost production
Vermicompost production

বাক্সা জিলাৰ দেবচৰাত স্বকীয় কৰ্মসংস্কৃতিৰে উজ্বলি উঠা ছয় গৰাকী মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ৷ গাঁৱৰ বাৰীবস্তীৰ চৌপাশে পৰি থকা সা-সামগ্ৰীকে সম্পদলৈ ৰূপান্তৰিত কৰি দেখুৱাইছে স্বাবলম্বীতাৰ নিদৰ্শণ৷ এতিয়া ঘৰতে এই ছয় গৰাকী মহিলাই কেচুসাৰ তৈয়াৰ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷

২০১৮ চনত এই মহিলা সকলে ৰিমঝিম আত্মসহায়ক গোট নামেৰে এটি গোট খুলি নিয়ম মাফিক কাম কাজ কৰি আহিছিল৷ এফালে দৰিদ্ৰতা আনফালে কিবা এটা কৰাৰ অফুৰন্ত হেপাঁহ - এনে এখন জীৱন সংগ্ৰামৰ মাজেৰেই কৃষি প্ৰধান গাঁৱখনৰ এই ৰিমঝিমৰ আত্মসহায়ক গোটৰ মহিলা সকলৰ কৃষিভিত্তিক কিবা এটা কাম কৰাৰ আগ্ৰহ আছিল৷ সেই সময়তে ২০২২ চনৰ জানুৱাৰী মাহত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী কংকু ডেকাৰ সংস্পৰ্শ লৈ আহি কেচুসাৰৰ উৎপাদনৰ প্ৰযুক্তিগত প্ৰশিক্ষণ গ্ৰহন কৰে মহিলাসকলে।

লগতে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেচুসাৰ তৈয়াৰ কৰিব পৰা ডাঙৰ মোনা উপহাৰ লাভ কৰি এই সকল মহিলাই আত্মনিয়োগ কৰে কেচুসাৰ উৎপাদনত৷ বিগত সময়চোৱাত ৰিমঝিম আত্মসহায়ক গোটৰ এই মহিলা সকলে দহ কুইন্টলৰো অধিক কেচুসাৰ উৎপাদন কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছে৷

প্ৰতি কিলো দহ টকা দৰত বাক্সা জিলাৰ লগতে তামুলপুৰৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰি আহিছে৷ গোটটোৰ কৃষি সখী অনামিকা বৰ্মন মেধিয়ে জনোৱা মতে তেওঁলোকৰ উৎপাদিত কেচুসাৰ উৎপাদন গোটক “ ৰিমঝিম কেচুসাৰ উৎপাদন গোট ” নাম দি বজাৰত উলিয়াই দিবলৈ সক্ষম হৈছে৷ ভৱিষ্যতে অধিক কেচুসাৰ উৎপাদনৰ লক্ষ্য গ্ৰহন কৰিছে এইসকল মহিলাই৷

লগতে পঢ়ক- ৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন ডিমাকুছিৰ বিষ্ণু খড়েলৰ

প্ৰেৰকঃ মনোহৰ ৰাজবংশী, বাক্সা

English Summary: Vermicompost production by 6 women from Baksa

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.