1. News

ভাৰত বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ- নৰেন্দ্ৰ মোডী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ভাৰত বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ
ভাৰত বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ

ভাৰতক বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ হিচাপে পৰিচয় প্ৰদান কৰোৱা দেশৰ ক্ষুদ্ৰ কৃষক, সমবায় আৰু মহিলাৰ ভূমিকাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচনৰ বিশ্ব দুগ্ধ সন্মিলন-২০২২ৰ উদ্বোধনী ভাষণত কয় যে ৮ কোটি পৰিয়ালক কৰ্মসংস্থাপন প্ৰদান কৰা ভাৰতৰ দুগ্ধ খণ্ডৰ আঁৰৰ চালিকা শক্তি ক্ষুদ্ৰ কৃষকসকল।

দুটা বা তিনিটা গৰু থকা এই ক্ষুদ্ৰ কৃষকসকলৰ প্ৰচেষ্টাৰ ভিত্তিত ভাৰত হৈছে সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ। এই খণ্ডই কৰ্মসংস্থাপন প্ৰদান কৰে দেশৰ আঠ কোটিৰো অধিক পৰিয়ালক বুলিও উদ্বোধনী ভাষণত কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচনৰ বিশ্ব দুগ্ধ সন্মিলন-২০২২ ৰ আজি দ্বিতীয়টো দিন। প্ৰায় চাৰিদিন ধৰি সন্মিলৰ কাৰ্যসূচী। সন্মিলনত ৫০খন দেশৰ প্ৰায় ১৫০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সন্মিলনত বিশ্বৰ আৰু ভাৰতীয় দুগ্ধ উদ্যোগৰ অংশীদাৰ যেনে উদ্যোগী, বিশেষজ্ঞ, কৃষক, দুগ্ধপালক আৰু নীতি নিৰ্ধাৰকসকলে অংশগ্ৰহণ কৰিব। ডেইৰী ফৰ নিউট্ৰিচন এণ্ড লাইভলিহুড (Dairy for Nutrition and Livelihood) হৈছে এই সন্মিলনৰ বিষয়বস্তু।

উল্লেখ্য যে বিশ্বৰ ২৩ শতাংশ গাখীৰ উৎপাদন কৰে। বছৰি উৎপাদন কৰে ২১ কোটি টন গাখীৰ। এই দুগ্ধ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে দেশৰ ৮ কোটিৰো অধিক দুগ্ধ পালক। এই দুগ্ধপালকসকলক শক্তিশালী কৰা ভাৰতীয় দুগ্ধ উদ্যোগৰ সফলতাৰ কাহিনী এইবাৰ আইডিএফ ডব্লিউডিএছ ২০২২ত প্ৰদৰ্শন কৰা হ’ব।

লগতে পঢ়ক- সাপ্তাহিক কেবিনেট বৈঠকৰ সিদ্ধান্ত

English Summary: Coops, women, farmers scripted dairy success story: PM

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.