গৰমৰ দিন অহাৰ লগে লগে অসমৰ জলবায়ু সেমেকা হৈ পৰে আৰু পৰিৱেশত জমা হোৱা পানী আৰু বতাহৰ অধিক জলীয় বাষ্পই গেলা-পঁচা পৰিৱেশ সহজতে সৃষ্টি কৰে। মহ, মাখি, ওকণী, চিকৰা আদিৰ বংশ বৃদ্ধি এই সময়ত বেছিকৈ হয় আৰু এইবোৰে পশুধনৰ লগতে জনস্বাস্থাৰো ব্যাপক ক্ষতি কৰে। বিশেষকৈ উচ্চ উৎপাদনক্ষম গাই বা ম'হৰ ক্ষেত্ৰত এনেধৰণৰ পৰজীৱীবোৰে উৎপাদনক্ষমতা যথেষ্ট হ্ৰাস কৰে আৰু কৰ্মক্ষম বলধৰ ক্ষেত্ৰত কর্মদক্ষতা কমাই আনে।
চিকৰাৰ দ্বাৰা সংক্রমিত এবিধ ৰোগ হ’ল বেবেচিয়চিছ (Bebesiasis)। হঠাতে হোৱা এইৰোগত আক্ৰান্ত জন্তুটোৱে তেজ মুতিবলৈ ধৰে যাৰ বাবে প্ৰস্ৰাৱৰ ৰং ৰঙা চাহৰ নিচিনা বা কফিৰঙৰ হৈ পৰে। একে সময়তে অৱশ্যে জন্তুটোৰ জ্বৰ আৰু ডায়েৰীয়া-ডিচেন্ট্ৰিজনিত লক্ষণেও দেখা দিয়ে। প্রস্রাবত তেজ যোৱা এই ৰোগটো মাৰাত্মক ৰোগঃ সোনকালে চিকিৎসা নকৰিলে শৰীৰত তেজৰ ৰঙা ৰক্ত কণিকা কমি গৈ এনিমিয়াৰ সৃষ্টি কৰিব পাৰে আৰু জন্তুটোৰ মৃত্যু ঘটাব পাৰে। বর্ণসংকৰ গো-ধনৰ ক্ষেত্ৰত এই ৰোগটো অধিক মাৰাত্মক আৰু অতি সোনকালেই ই জন্তুটোক ধৰাশায়ী কৰি তোলে। বহুসময়ত দেখা যায় আক্রান্ত জন্তটোৱে ৰঙা বা কফি ৰঙৰ প্ৰস্ৰাৱ কৰি আছে, সেয়া পালকজনৰ অলক্ষিতে থাকি যায়। এনেকৈ দুই তিনিদিন পাৰ হৈ গ'লে জন্তুটোৰ অৱস্থা সংকটজনক হৈ পৰে। সেয়েহে পালকজনে পশুধনসমূহৰ ভোক, প্রস্রাব, পায়খানা সততে দৃষ্টিত ৰাখিব লাগে। আক্রান্ত জন্তুটোৰ চিকিৎসাৰ ক্ষেত্ৰত পালকজনে চিকিৎসকক প্রস্রাব আৰু প্রকৃতি সম্পর্কে অৱগত কৰিব লাগিব, অন্যথাই চিকিৎসাত বিভ্রান্তি ঘটিব পাৰে। চিকৰাৰ দৰে ওকণী আৰু চাঁহিয়েও সমস্যা সৃষ্টি কৰে। ওকণীৰ সংখ্যাধিক্যই ছালৰ সংক্রমণ ঘটোৱাৰ লগতে ধাৰাবাহিকভাৱে তেজ শোষণ কৰি জন্তুটো দুর্বল কৰি তোলে। একেদৰে চাঁহিয়ে সৃষ্টি কৰা খজুৱতিয়ে জন্তুটোক অতিষ্ঠ কৰি তোলাই নহয়, ইয়াক দুর্বল কৰি পেলায়। বিশেষকৈ ছাগলী বা ভেৰাৰ ক্ষেত্ৰত দীঘলীয়া সময়ৰ সংক্রমণে ইহঁতৰ মৃত্যু ঘটাব পাৰে। গৰুৰ ক্ষেত্ৰত চুটখৰ, কান্ধছিগা আদি ৰোগ চাহিৰ বাবেই হয়। এনে ৰোগ থকা গৰুবে অধিক মহ-মাখি আকর্ষণ কৰে আৰু কান্ধছিগা অৱস্থাই বলধৰ ক্ষেত্ৰত হালবোৱা বা গাড়ীটনাত বিশেষ অসুবিধা আৰু কষ্ট প্ৰদান কৰে।
লগতে পঢ়ক-
Ivy Gourd farming : এবাৰ ৰুলে ৫-৬ মাহৰ পাছতে ৫ বছৰলৈ দিব ফল
মহ আৰু মাখিৰ উপদ্রবেও পশুধনক কম সমস্যাত নেপেলায়। গৰমৰ দিনত জাক জাক মহে যথেষ্ট পৰিমাণে তেজ পশুধনৰ পৰা শোষণ কৰি জন্তুবোৰক দুর্বল কৰি তোলে। মাখিৰ উপদ্ৰৱ অধিক হোৱা বাবে এই সময়ত সামান্য ঘাঁ লাগিলেই তাত মাখিয়ে কণী পাৰি পোক উৎপন্ন কৰিব পাৰে। প্রত্যক্ষভাবেই হওক বা পৰোক্ষভাবেই হওক মহ, মাখি, ওকণী, চিকৰা আদি পৰজীৱীৰ উৎপীড়ণে পশুধনৰ উৎপাদন আৰু কর্মদক্ষতা হ্রাস কৰে। এনে পৰজীৱীবোৰ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন বিজ্ঞানসম্মত ব্যৱস্থা আছে যদিও বহুতো পশুপালকে অজ্ঞতাৰ বাবেই এনে কেতবোৰ ব্যৱস্থা গ্রহণ কৰে যিবোৰ পশুধন আৰু জনস্বাস্থ্য দুয়োটাৰ বাবেই ক্ষতিকাৰক। পশুপালকসকলৰ মাজত সাধাৰণতে দেখা বা পশুপালকসকলে ৰূপায়ণ কৰি থকা এনে কেইটামান ব্যৱস্থাৰ কৰণীয় অকৰণীয় দিশসমূহ আমি ইয়াত ব্যাখ্যা কৰিছোঁ। বহুতো পালকে পশুধনৰ দেহৰ পৰা ওকণী, চিকৰা আদি গুছাবলৈ মাৰাত্মক কীটনাশক ডিডিটি, মেলাথিয়ন আদি পাউদাৰ জন্তুটোৰ ছালত প্রয়োগ কৰে। ই এক অন্যায় আৰু অস্বাস্থ্যকৰ প্রক্রিয়া। কম সময়ৰ বাবে প্ৰয়োগ কৰা এনে কঁটিনাশকে জন্তটোৰ মৃত্যু ঘটাব নোৱাৰে যদিও ইয়াৰ কিছু অংশ ছালৰ মাজেদি সোমাই জন্তুটোৰ স্বাস্থ্য প্রক্রিয়াত ব্যাঘাত জন্মায়। এইবোৰ কীটনাশক শস্যৰ ওপৰত অথবা পৰজীৱী উৎপত্তি হোৱা ঠাইত ব্যৱহাৰৰ বাবেহে নির্দেশনা আছে। ডিডিটিৰ দৰে মাৰাত্মক পৰিৱেশ প্ৰদূষণকাৰী কীটনাশক পৃথিৱীৰ বহুবোৰ দেশতে এতিয়া নিষিদ্ধ কৰা হৈছে, অথচ আমি এতিয়াও ইয়াক প্রত্যক্ষভাবে উৎপাদনশীল জন্তুৰ শৰীৰত ব্যৱহাৰ কৰিছোঁ। এইটো দুখ আৰু উদ্বেগৰ কথা। গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত বিজ্ঞানীসকলে জীৱ-জন্তুৰ শৰীৰত প্ৰয়োগ কৰিব পৰা কেতবোৰ পৰজীৱীনাশক ঔষধ আবিষ্কাৰ কৰিছে। এই ঔষধবোৰ পৰজীৱীৰ বাবে মাৰাত্মক, কিন্তু জন্তু আৰু মানুহৰ বাবে বিপদমুক্ত। Cipermethrin, Ivermectin, Deltamethrin আদি এনেবোৰ ঔষধ প্রস্তুত কাৰকৰ নির্দেশনামৰ্মে ব্যৱহাৰ কৰি পৰজীৱীসমূহ সহজেই আঁতৰ কৰিব পাৰি। চিকিৎসকৰ পৰামর্শমতে অথবা ফার্মাচীৰ পৰা কিনি এনে ঔষধ ব্যৱহাৰ কৰিব পাৰি।
বহুপালকে মহ খেদিবৰ বাবে সন্ধিয়া জাগ দিওঁতে জাগত টায়াৰ, টিউব, পুৰণা চেন্দেল আদি পুৰিবলৈ দিয়ে। ইয়াৰ পৰা উৎপত্তি হোৱা উৎকট গন্ধই কিছু পৰিমাণে হয়তো মহ দূৰ কৰাত সহায় কৰে, কিন্তু এনে বস্তু পোৰাৰ ফলত উৎপন্ন হোৱা টাৰ আৰু কাৰ্বনডাই অক্সাইডে পোহনীয়া জন্তুৰ লগতে মানুহৰো শ্বাসতন্ত্রৰ ব্যাপক ক্ষতি কৰে। বহুতে আকৌ জাগ দিওঁতে জাগত এমুঠি ভিডিটিৰ দৰে কীটনাশকো পেলাই দিয়ে। এইটো টায়াৰ বা চেন্দেল পোৰাতকৈও মাৰাত্মক প্রক্রিয়া। ডিডিটিৰ ধোঁৱাই মহ খেদিব ঠিকেই, কিন্তু উশাহৰ জৰিয়তে জন্তুৰ শৰীৰত সোমোৱা ডিডিটিয়ে শাৰীৰিক ক্ষতি কৰিব। তদুপৰি, ডিডিটি মানুহ আৰু জীৱ-জন্তুৰ শৰীৰত চৰ্বিসমূহত জমা হৈ থাকে, গাই বা কেঁচুৱাক পিয়াহ খুওৱা মাতৃৰ ক্ষেত্ৰত এনেধৰণৰ ডিডিটিৰ অংশ গাখীৰৰ যোগেদিও নির্গত হয়। দীর্ঘসময় ধৰি ডিডিটিৰ সংস্পৰ্শত থকা ব্যক্তিৰ স্নায়ুজনিত বিকৃতি ঘটাৰ সম্ভাৱনা বৃদ্ধি পায়। ওকণী, চিকৰা, চাঁহি আদিৰ বিৰুদ্ধে ব্যৱহাৰ কৰা Cipermethrin deltamethrin আদি ঔষধসমূহ ছালৰ ওপৰত প্ৰয়োগ কৰিবলৈহে নির্দেশনা আছে, কোনো ধৰণৰ ঘাঁৰ ওপৰত এনে ঔষধ প্রয়োগ কৰাটো নিষিদ্ধ। ঘাঁৰ ওপৰত প্রয়োগ কৰিলে এনে ঔষধ তেজলৈ শোষণ ঘটি শৰীৰত বিষক্রিয়া ঘটিব পাৰে আৰু স্নায়ুসমূহৰ বিকলজনিত অৱস্থা সৃষ্টি কৰিব পাৰে। বহুলোকে জীৱজন্তুৰ কোনো অংশত ঘাঁ লাগি পোক লাগিলে পোক মাৰিবলৈ এনে ঔষধ ঘাঁৰ ওপৰত ঢালি দিয়ে অথবা কপাহত তিয়াই ঘাঁ টুকুৰাত সুমুৱাই দিয়ে। এই মাৰাত্মক প্রক্রিয়াটোৱে কেতিয়াবা একোজন পশুপালকৰ একোজনী মূল্যৱান গাইৰ বাবে মৃত্যু মাতি আনে। পৰজীৱীসমূহ দূৰ কৰিবলৈ কিছুমান ঘৰুৱা ঔষধো প্রয়োগ কৰিব পাৰি। ঘোৰানিমৰ পাত এনেদৰে প্ৰয়োগ কৰিব পৰা এবিধ উপাদান। ঘোৰানিমৰ পাত সিজাই সেই পানীৰে গা-ধুৱালে ওকণী, চিকৰা আদিৰ প্রাদুর্ভাব কমে। বহুতে ক'লা মানচাধা ৰাতিটোৰ বাবে তিয়াই থৈ পুৱা সেই পানী ছালৰ ওপৰত প্ৰয়োগ কৰি পৰজীৱীসমূহ নিয়ন্ত্রণ কৰে। এই প্ৰক্ৰিয়াটোও বৰ অপকাৰী নহয়। আমি ঘৰুৱা কামত ব্যৱহাৰ কৰা নেপথালিনৰ গুটিবোৰ গুৰি কৰি পাউদাৰ হিচাপে ব্যৱহাৰ কৰিলেও পৰজীৱীৰ আক্রমণ কমে। নেপথালিন যিহেতু শৰীৰৰ অভ্যন্তৰলৈ শোষিত নহয় আৰু উদ্বায়ী গুণৰ বাবে সোনকালেই বাষ্পীভূত হৈ পৰে, সেয়ে ইয়াৰ পৰা হ'ব পৰা পার্শ্বক্ষতি বৰ নিম্ন পর্যায়ৰ।
লগতে পঢ়ক-