চিন্তাশীল লেখক দেৱব্ৰত ৰাভাই শেহতীয়াকৈ ফেচবুকত এটা পোষ্ট দিছে। পোষ্টটোত তেওঁৰ নিজা দৃষ্টিভংগীৰে কিছুমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। তেওঁ লেখাটোত কিছুমান কাম কৰাৰ পৰা বিৰত থাকিবলৈ অসমৰ মানুহক আহ্বান জনাইছে। যিসমূহ কামৰ পৰা আঁতৰি থাকিলে জাতিটো বাচিব বুলি তেওঁ উল্লেখ কৰিছে। লেখাটোত তেওঁ লিখিছে-
(১) মানুহক চেলিব্ৰেটি নবনাব । তেওঁলোকক বেছি গুৰুত্ব নিদিব । সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত কৰি নিজৰ সময়, অৰ্থ খৰচ কৰি ফাল্টু গান এসোপা শুনা কামবোৰৰ পৰা বিৰত থাকক । ঘৰতে আধুনিক বিনোদনৰ সুবিধা আছে । ম'বাইলতে সকলো সুবিধা আছে । মহৰ কামোৰ খাই কোনোবা সাংস্কৃতিক অনুষ্ঠান বা থিয়েটাৰ আদি চোৱা কামবোৰ বাদ দিয়ক । শিল্পীৰ জন্ম নিদিব । তেওঁলোকৰ ফটো আৰু ভিডিঅ'বোৰত লাইক-কমেন্ট একো নিদিব । কাৰণ, দেশ আৰু জাতিৰ বাবে আজিৰ শিল্পী-সাহিত্যিকে একো কৰাৰ নজিৰ নাই । প্ৰতি মুহূৰ্ততে তেওঁলোক ৰাইজৰ পকেটৰ ধনৰ লালসাত থাকে । ইয়াত তেওঁলোকক সহায় কৰে বিহু সংস্কৃতি ৰক্ষাৰ ঠিকা লোৱা মধ্যভোগী স্থানীয় দালালবোৰে ।
(২) কবি-সাহিত্যিকসকলক বা লগতে আন কিবা কিবি প্ৰতিযোগিতামূলক পৰীক্ষাত পাছ কৰাবোৰক বিভিন্ন সভাত সম্বৰ্ধনা আদি ৰাজহুৱাকৈ নজনাব । অযথা আপোনাৰ সময় আৰু অৰ্থ ব্যয় । তেওঁলোকে নিজৰ বাহিৰে ভৱিষ্যত জীৱনত আপোনাৰ অঞ্চলত কুটা এগছিও কাম নকৰে । সাহিত্য অকাডেমি বা সাহিত্যৰ আন আন বঁটা পোৱা সৰহভাগৰে অসমীয়া জাতিটোলৈ কিবা অৱদানৰ উদাহৰণ দিব পাৰিবনে ? এওঁলোকক ৰাজহুৱা মঞ্চত সম্বৰ্ধনা আৰু গামোচা ভুলতো নিপিন্ধাব । পৰাপক্ষত এইবোৰ অনুষ্ঠান বৰ্জন কৰক ।
(৩) জনগোষ্ঠীয় বা কোনো ছাত্ৰ সংগঠনে আহ্বান কৰা আন্দোলনত অংশগ্ৰহণ কৰি কোনো পৰজীৱী ছাত্র নেতাৰ জন্ম নিদিব । এই ভাইৰাছবোৰেই সমাজখন ধ্বংস কৰি এটা মধ্যভোগী দালাল শ্ৰেণীৰ জন্ম দিছে । এই দালাল শ্ৰেণীটোৰ পৰা সৃষ্টি হোৱা শাসকে কেনেকৈ ৰাইজৰ ভাল চিন্তা কৰিব ?
লগতে পঢ়ক-
ধান খেতি ভাগ্য পৰীক্ষা নহয়, ভাল ফল পাবলৈ গুৰুত্ব দিব লাগিব এইবোৰ কথাত
লেখাটোত তেওঁ কিছুমান কাম নকৰিবলৈ কোৱাৰ সমান্তৰালভাৱে কিছুমান কাম কৰিবলৈ আহ্বান জনাইছে। তেওঁ লিখিছে-
(৪) চন পৰি থকা খেতি-পথাৰবোৰত বছৰত অন্ততঃ দুটা খেতি কৰাৰ কথা চিন্তা কৰক । চাৰি-পাঁচঘৰ মানুহে ৪০ ফুটৰ ডিপ টিউৱেল এটা বহাই ল'লেই বাৰ মাহে খেতি কৰিব পাৰিব । চৰকাৰৰ জলসিঞ্চনলৈ আশা কৰিবলৈ আৰু এহেজাৰ বছৰ লাগিব ।
লগতে তেওঁ লিখিছে-
(৫) সমাজৰ বাবে একো কাম নকৰিব । কোনো বিহু, পূজা, ভাওনা, নামঘৰ , ৰঙালী বিহুৰ ফাংচনৰ নাম এক নয়া পইচাও চান্দা নিদিব । বিপদত সমাজৰ মানুহে আপোনাক আজিকালি একো সহায় নকৰে । মাত্ৰ মাতষাৰ দিবহি । দৰকাৰ নাই সেই মাতষাৰৰ নামত ওৰেটো জীৱন সমাজৰ লগত থাকি পকেটৰ ধন ভাঙি থকাৰ । ভয়ংকৰ স্বাৰ্থপৰ হওক । আনৰ বাবে সময় খৰচ নকৰিব । সমাজৰ বিষয়-বাব একেবাৰে গ্ৰহণ নকৰিব ।
(৬) আমি সৰুৰেপৰাই গাঁৱৰ সমাজত ডাঙৰ হৈছোঁ । সাধাৰণ মাতষাৰৰ বাহিৰে আপুনি কাৰো পৰা বিপদত একো সহায় নাপায় । হায়, হেল্লৌ কৰি মাত্ৰ মিলি থাকক । আজিকালি মৰিশালীলৈ আপোনাক বা আপোনাৰ আপোনজনক নিবৰ বাবেও ৰাইজৰ দৰকাৰ নাই । ভাড়াতীয়া মানুহ অসংখ্য । আপুনি যদি গোটেই জীৱন ঘৰৰ কাম-বন হাজিৰা মানুহ লগাই কৰিব পাৰে, তেন্তে আপোনাৰ ডেড বডিটো মৰিশালীলৈ নিলে আপত্তি কিহৰ ? আপোনাৰ মৃতদেহটো অৰ্থশূন্য ভাবে জ্বলাই দিয়াতকৈ পাৰে যদি মৰণোত্তৰ ভাবে চিকিৎসা বিজ্ঞানলৈ দান দিয়ক ।
লেখাটোত তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। লেখাটোৰ আটাইকেইটা বিষয় আমি মালি ল'ব নোৱাৰিলেও পেলাই দিবও নোৱাৰি। লগতে ক'ব লাগিব যে লেখকে বুকুত এখিনি ক্ষোভ লৈ শুনিবলৈ বেয়া হ'লেও এই বাস্তৱ কথাবোৰ কথাবোৰ প্ৰকাশ কৰিছে।
লগতে পঢ়ক-